বোকাজানত বিধ্বংসী অগ্নিকাণ্ডঃ নিমিষতে ছাই হৈ গল কেইবাখনো দোকানঃ চিলিণ্ডাৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ বোকাজানত শনিবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানত নিশা প্ৰায় ৯ বজাত কেইবাখনো দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
দোকান কেইখনৰ ভিতৰত হোটেল, এখন পান তামোলৰ দোকান,এখন গেলামাল দোকান আৰু টেণ্ট হাউচ আছিল। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ মূল কাৰণ তথা ইয়াৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই যদিও দোকানসমূহৰ কোনো এটা ঘৰৰ পৰাই বৈদ্যুতিক ছৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটাৰ লগতে ক্ষতিৰ পৰিমাণ কেবালক্ষাধিক হ’ব বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে।
ঘটনাস্থলীত বোকাজান আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হয়। উল্লেখ্য যে অগ্নিকাণ্ডত দোকানত থকা ছিলিণ্ডাৰো বিস্ফোৰণ হয়।