দক্ষিণ ভোজকুছিত বুঢ়াদিয়াৰ মথাউৰি ছিগি টিহুত বানপানীৰ জটিল ৰূপ

নিয়মীয়া বাৰ্তা, ২০ জুনঃ টিহুত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি। বুঢ়াদিয়া, মৰাপাগলাদিয়া, টিহু নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে টিহুৰ কেবাখনো ৰাজহ গাঁও। টিহুৰ দক্ষিণ ভোজকুছিত বুঢ়াদিয়া নৈৰ মথাউৰি চিঙি বানত বুৰিছে বিস্তীৰ্ণ অঞ্চল। দক্ষিণ ভোজকুছিৰ বুঢ়াদিয়া নৈৰ উত্তৰ দিশৰ মথাউৰি ভগাৰ ফলত অঞ্চলটোত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। যাৰ বাবে নৈপৰীয়া অঞ্চলটোৰ নাগৰিক সকল একপ্ৰকাৰ জলবন্দী হৈ পৰিছে। কেওফালে নাগৰিক সকলৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰিছে। এই বানৰ ফলত টিহু-শোলমাৰা পথৰ কেবাচোৱাদি নৈৰ বাঢ়নী পানী বাগৰাত পথটোৱেদি যাতায়ত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। এই বানৰ ফলত অঞ্চলটোৰ কৃষিজীৱি লোক সকলৰ শালিধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ লগতে পশুধনৰ বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে। পশুধনৰ খাদ্য বিচাৰি কৃষিজীৱি লোকসকলে হাহাকাৰ কৰিব লগা হৈছে। ইপিনে টিহু নগৰৰ ভদ্ৰকুছিত টিহু নৈৰ তাণ্ডৱ অব্যাহত আছে। টিহু নৈৰ বাঢ়নী পানীয়ে ভদ্ৰকুছিৰ অধিকাংশ লোকৰ বাসগৃহ‌ বুৰাই পেলোৱাত লোকসকলে টিহু নগৰৰ দুটাকৈ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। টিহু ছোৱালী হাইস্কুলৰ লগতে সৰ্বেশ্বৰ দাস জেষ্ঠ মাধ্যমিক বিদ্যালয়ত এই শিবিৰ স্হাপন কৰা হৈছে। ইয়াৰ উপৰিও নাথকুছি অঞ্চলো বানৰ কৰাল গ্ৰাসত পৰিছে । অনেক লোকৰ বাসগৃহৰ চৌহদ সম্প্ৰতি বানৰ কবলত। টিহু নাথকুছিস্থিত নৰ্থ ইষ্ট মেগা ফুড পাৰ্কো সম্প্ৰতি বানৰ কবলত। লক্ষ্যনীয় কথা যে এই বানৰ ফলত মীন পালক সকল বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে। কিয়নো তেওঁলোকৰ পুখুৰীত পালন কৰা লক্ষ্য লক্ষ্য টকাৰ মাছ এই বানপানীত ওলাই যোৱাত মীন পালক সকলে মূৰে কপালে হাত দিছে। ইপিনে টিহু নগৰ আৰু সৰ্থেবাৰী সংযোগী পথেৰে পানী বাগৰাত পথটোৰে যাতায়ত বন্ধ হৈ পৰিছে। বতৰৰ ৰেহৰূপ যদি বৰ্তমানৰ দৰে অব্যাহত থাকে তেন্তে আগন্তুক দুই এদিনত অঞ্চলটোত বানে অধিক ভয়াৱ‌হ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।

প্ৰেৰক গুণজিত কলিতা

Featured