ছয়গাঁও আৰক্ষী থানাৰ লগতে বিভিন্ন অঞ্চল প্লাৱিত

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ বিগত দিনকেইটাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি আহে ছয়গাঁৱৰ কলহী আৰু বাঠা নৈ ৷

এই বাঢ়নী পানীয়ে ছয়গাঁও -গুমি গড়কাপ্তানি পথ, ছয়গাঁও -দগাঁও কালাৰদিয়া পথ, কুকুৰমাৰা-বৰটাৰী বেজেৰটাৰী পথকে ধৰি কেইবাটাও গড়কাপ্তানী পথৰ ওপৰৰে পানী বাগৰাৰ ফলত পথ কেইটাৰে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷

আনহাতে কুকুৰমাৰা গাঁৱৰ একাংশ, দগাঁঁও কালাৰদিয়া আৰু পুৰাণ কটহী গাঁৱৰ একাংশ, ছয়গাঁও চৌধুৰীপাৰা আৰু গৰ্জনপাৰাৰ একাংশৰ লগতে বিহদিয়া গাঁওকে ধৰি কেইবাখনো গাঁৱৰ এক বৃহৎ অংশ পানীত বুৰ যোৱাৰ লগতে ঘৰ-বাৰী পানীত বুৰ যায় ৷

ইয়াৰ উপৰি ছয়গাঁও আৰক্ষী থানাও পানীত বুৰ যোৱাই নহয়, আৰক্ষী চৌহদৰ আটাইকেইটা আৱাস পানীত বুৰ যায় ৷ আৰক্ষী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ো এই বাঢ়নী পানীত বুৰ যায় ৷ আনহাতে ছয়গাঁও লালমোহন চৌধুৰী শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ লগতে বৰাখাটৰ মহাশ্বেতা বিদ্যা মন্দিৰো পানীত বুৰ যায় ৷