মৰিগাঁও জিলাত নাৰী উন্নয়ন কেন্দ্ৰ আৰু চি আৰ এছ ইণ্ডিয়াৰ ১১০০ বানাক্ৰান্তক সাহায্য

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ এইবছৰ বানত ক্ষতি হোৱা দুই পঞ্চায়তত ক্ৰমে বৰালিমাৰী আৰু হয়বৰগাঁওত ১১০০ বানাক্ৰান্তৰ পৰিয়ালক ৩০০০ টকাকৈ প্ৰদানৰ লক্ষ্য সম্পূৰ্ণ কৰিছে নাৰী উন্নয়ন কেন্দ্ৰ আৰু চি আৰ এছ ইণ্ডিয়াই। এই তাৰিখ পৰ্য্ন্ত ১০০০ টা বানাক্ৰান্ত পৰিয়ালক মুঠ ৩০,০০,০০০ টকা বেংক যোগে বানা সাহায্য হিচাপে প্ৰদান কৰা হয়।

এই উপলক্ষে মৰিগাঁও জিলাৰ বৰালিমাৰীত অনুষ্ঠিত হয় এখন বিশেষ সভা। শশীদা নন্দ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত কৰোনা ভাইৰাছৰ সংক্ৰমণ, লকডাউন আৰু বান আৰু খহনীয়াই জুৰুলা কৰা এই বিপদাপন্ন পৰিয়ালবোৰক সহায় কৰাৰ বাবে বৰালিমাৰী ৰাইজ প্ৰমুখ্যে সভানেত্ৰী প্ৰহেলিকা বড়োৱেও অনুষ্ঠান দুটাক ধন্যবাদ জ্ঞাপন কৰে।

আজি বেংক একাউন্ট নথকা ৫গৰাকী ব্যক্তিক হাতে হাতে ৩০০০ টকাকৈ দিয়া এক চমু কাৰ্যসূচী বৰালিমাৰী পঞ্চায়তত অনুষ্ঠিত কৰি এই আঁচনিখনৰ বিষয়ে নাৰী উন্নয়ন কেন্দ্ৰৰ বিষয়া সচিদানন্দ বৰদলৈয়ে ব্যাখ্যা কৰে।