গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বিশিষ্ট লেখক, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা আজি আকস্মিক ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’ব লগা হয়। হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে হাজৰিকাক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক কনক হাজৰিকা
Featured