বৰাক নদীৰ ওপৰত ৮৭ কোটি টকা ব্যয়সমৃদ্ধ দলঙৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : আজি কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ শিলঘাটত বৰাক নদীৰ ওপৰত প্ৰস্তাৱিত দলঙৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই দলংখনৰ মুঠ দৈৰ্ঘ্য ৩৪০ মিটাৰ। এই দলংখনৰ অনুমোদিত ধনৰাশি ৮৭ কোটি টকা। সুবিধাসমূহ বৰাক নদীৰ এটা ফাল ছোটমামদা-সোনাই পথ আৰু সোণাই লক্ষীপুৰ টাউন আৰু সিপাৰে সোণাই-বাশ্ঁকান্দি পথ হৈ শিলচৰ চহৰ সংযোগ হ’ব। তদুপৰি ৰূপাইবালি, সিঙ্গিৰবন্দ, বিন্নাকান্দি, ছোটামামদা গোবিন্দপুৰ, আলগাপুৰ আৰু বাগপুৰৰ পৰা শিলচৰ টাউনলৈ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস পাব। দলং নিৰ্মাণৰ ফলত সমীপৱৰ্তী হাজাৰ হাজাৰ লোক উপকৃত হ’ব আৰু নূন্যতম মূল্যত বিভিন্ন সামগ্ৰীৰ উন্নত বিপণন আৰু পৰিবহণৰ লগতে অঞ্চলটোৰ পৰিবহণ আৰু আৰ্থ-সামাজিক উন্নয়ন সম্ভৱ হ’ব। আধাৰশিলা স্থাপনৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, দলং নিৰ্মাণত আপোনালোক সুখী নেকি? যদি সুখী হয় নমস্কাৰ সকলোকে। তেওঁ কয়, বৰাক নদীৰ ওপৰত শিলঘাট দলং নিৰ্মাণ কৰিলে সোণাই আৰু লক্ষীপুৰৰ ৰাইজ উপকৃত হ’ব। যদিহে সকলো ৰাইজে সহযোগিতা কৰে তেনেহলে দুবছৰৰ ভিতৰত দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’ব। কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজিৰ অধীনত দলংখন নিৰ্মাণ কৰা হ’ব। স্থানীয় পীৰ চাহেব মৌলানা আহমদ চৈয়দ গোবিন্দপুৰীৰ আশীৰ্বাদ থাকিলে কাম সোনকালে সমাপ্ত হ’ব। এই দলং উদ্বোধন অনুষ্ঠানত তেওঁ পুনৰ ফিতা কাটিবলৈ আহিব। মুখ্যমন্ত্রীয়ে কয়, বিধায়ক কৌশিক ৰয়ৰ বাবে আপোনালোকে হাত চাপৰি দিয়ক৷ লগতে বিধায়ক মিহিৰকান্তি সোমৰ বাবেও হাতচাপৰি বজোৱাক। তেওঁলোকে বাৰে বাৰে সেতুখনৰ বিষয়ে দাবী জনাই আছিল। মুখ্যমন্ত্ৰীয়ে কয়, এই অঞ্চলৰ‌ আৰু কিবা উন্নয়নমূলক কাম থাকিলে সম্পাদন‌ কৰিব। পীৰ চাহেবৰ দাবী অনুসৰি কামকাজ কৰা হ’ব। বিধায়ক কৌশিক ৰয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৮৭ কোটি টকা ব্যয় কৰি বহু প্রত্যাশিত শিলঘাট দলঙৰ আধাৰশিলা স্থাপন কৰি সকলোৰে অন্তৰত আশা বিয়পাই দিছে৷ শিলঘাট সেতু দক্ষিণ লক্ষীপুৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক কৌশিক ৰায়, বিধায়ক মিহিৰকান্তি সোম, মৌলানা আহমদ চৈয়দ গোবিন্দপুৰী আদি উপস্থিত থাকে। মন কৰিবলগীয়া যে এই দলং নিৰ্মাণ হ’লে সংখ্যালঘু জনগোষ্ঠীৰ আশী শতাংশ নাগৰিক উপকৃত হ’ব।

প্ৰেৰক গৌতম তালুকদাৰ

Featured