দুলীয়াজানৰ ভাদৈত ড্ৰাগছ জব্দ : অভিযুক্ত চাৰি যুৱকক জেল-হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৪ নবেম্বৰ : আজি দুলীয়াজানত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ড্ৰাগছসহ চাৰি যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি দুলীয়াজান আৰক্ষীৰ অধীনস্থ ভাদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত নিউ মধুটিং গাঁৱৰ তৰুণ গগৈৰ ঘৰত অভিযান চলাই। ড্ৰাগছ বিৰোধী অভিযানত ২ নং বকুলনী চাৰিআলিৰ মানৱ চেতিয়া, নিউ মধুটিং গাঁৱৰ অৰৱ গগৈ, দুলীয়াজান শান্তিপাৰাৰ সুমন চাহা আৰু ১৬নং তিনিআলি বৰাগাধৈ গাঁৱৰ ৰক্তিমৰাজ তামুলিক হাতে লোটে আটক কৰে। ধৃত যুৱককেইজনৰ পৰা আৰক্ষীয়ে ২.২১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে অভিযুক্ত যুৱককেইজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

প্ৰেৰক কৃষ্ণা গগৈ

Featured