বাঘবৰৰ বামুন দংৰা উচ্চতৰ মাধ্যমিকত বিনামূলীয়া স্বাস্থ্য শিবিৰ

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : বৰপেটাৰ ঐতিহ্যমণ্ডিত বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ডেৰ সহস্ৰাধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে যোগান ধৰা হয় প্ৰয়োজনীয় দৰৱ-পাতিৰ। গ্ৰামাঞ্চলৰ লোক সকল বানৰ পিছত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাত বিদ্যালয় খনৰে কেইবা গৰাকী অভিজ্ঞ চিকিৎসক তথা প্ৰাক্তন ছাত্ৰ সমাৰোহৰ সদস্য ছাত্ৰই উপস্থিত সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰে। গ্ৰামাঞ্চলৰ লোক সকলৰ স্বাস্থ্য,অনাময়, বিশুদ্ধ খোৱা পানী ইত্যাদিৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত উপস্থিত অভিজ্ঞ চিকিৎসক সকলে ৰাইজক পৰামৰ্শ প্ৰদান কৰে। গঞা ৰাইজৰ মাজত স্বাস্থ্য সচেতনতা বৃদ্ধি লক্ষ্যৰে বিদ্যালয় খনৰ মহা সমাৰোহ কৰ্তৃপক্ষই গ্ৰহণ কৰে এই কাৰ্যসূচী। উক্ত কাৰ্যসূচী ৰঙা ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বামুন দংৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিয়াৰ ৰহমান আৰু সমাজ কৰ্মী ছামছুল হকে। উক্ত স্বাস্থ্য সচেতনতা অনুষ্ঠানত ডাঃ শ্বহিদুল ইছলাম, ডাঃ ছোলেমান খান,ডাঃ আনোৱাৰ হুছেইন, ডাঃ এইচ.এম ছোহেল আহমেদ, ডাঃ জাহাংগীৰ ইছলাম, ডাঃ কামাল উদ্দিনৰ সমান্তৰালকৈ ডাঃ আব্দুল কৰিম, ডাঃ আফজাল হক আৰু ডাঃ সাহাদত আলম প্ৰমুখ্যে আটাই চিকিৎসক উপস্থিত থাকি ৰোগীক চিকিৎসা প্ৰদান কৰে। উল্লেখযোগ্য যে বিগত সময়ছোৱাত দুবাৰকৈ উক্ত বিদ্যালয়খনত অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে উদ্যোক্তাসকলে। অৱশ্যে এইবাৰো ব্যতিক্ৰমী বাবে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ নেতৃত্বত এনে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে। সেয়ে উদ্যোক্তাই লোৱা এনে কাৰ্যক এতিয়া সমাজৰ সৰ্বস্তৰৰ জনতাই ভূয়সী প্ৰশংসা কৰিছে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured