নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ৭৫বৰ্ষীয় আজাদী কা অমৃত মহোৎসৱ তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৪৫নং পশ্চিম নামবৰভাগ গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাৰিভাংগা গাঁৱৰ হাৰিভাংগা গাঁও উন্নয়নৰ মাটিত দুটা আৰু ভোজকুছি গাঁৱৰ ভোজকুছি ৰিজাৰ্ভৰ মাটিত দুটাকৈ মুঠ চাৰিটা অমৃত সৰোবৰৰ পঞ্চায়ত সভানেত্রী ইলোৰা ডেকাৰ উদ্যোগত উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। হাৰিভাংগা গাঁৱৰ প্ৰথম সৰোবৰটো হাৰিভাংগা গাঁও উন্নয়নৰ সভাপতি হৰেন্দ্ৰ নাথ হালৈ তথা দ্বিতীয় সৰোবৰটো প্ৰবীণ সমাজকৰ্মী অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সুৰেন্দ্ৰ নাথ কলিতাই শুভ উদ্বোধন কৰে। ভোজকুছি গাঁৱৰ প্ৰথমটো সৰোবৰ ভোজকুছি গাঁও উন্নয়ন কমিটিৰ সভাপতি জিতেন ডেকা আৰু দ্বিতীয় সৰোবৰটো ৪৫নং পশ্চিম নামবৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্রী ইলোৰা ডেকাই শুভ উদ্বোধন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে টিহু উন্নয়ন খণ্ডৰ অভিযন্তা মানবেন্দ্র তালুকদাৰ , কনিষ্ঠ অভিযন্তা নিতুপন ডেকা, পঞ্চায়ত সচিব দক্ষৰাজ মেধি, পঞ্চায়তৰ সদস্যসকল, হাৰিভাংগা গাঁও উন্নয়নৰ উপ-সভাপতি গোপাল হালৈ, সম্পাদক সৰ্বানন্দ কলিতা সমন্বিতে গাঁও উন্নয়নৰ সমূহ বিষয়ববীয়া লগতে স্থানীয় ৰাইজ তথা ভোজকুছি গাঁৱৰ গাঁও উন্নয়ন কমিটিৰ সম্পাদক শৈলেন বৰ্মন, প্ৰাক্তন সম্পাদক সমন্বিতে গাঁও উন্নয়ন কমিটিৰ সমূহ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।