দৰঙৰ গৌৰী আৰ্যৰ সোণৰ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈ ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত চতুৰ্দশ ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত দৰঙৰ গৌৰী আৰ্য শৰ্মাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দৰঙৰ পশ্চিম প্ৰান্তৰ পানাৰা নিবাসী কমলেশ্বৰ শৰ্মাৰ কন্যা গৌৰী আৰ্য শৰ্মাই চাব জুনিয়ৰ ছোৱালীৰ ২০ কেজি শাখাত উন্নত খেল প্ৰদৰ্শন কৰি এই সন্মান অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনে। কণমানি প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাতো কেইবাটাও পদক লাভ কৰিছে। গৌৰী আৰ্য শৰ্মাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ক্ৰীড়া ক্ষেত্ৰ খনৰ সচেতন লোক সকল। খৈৰাবাৰী প্ৰেছ ক্লাৱ, সদৌ দৰং জিলা ছাত্ৰ সন্থা, দুনী আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে খেলুৱৈ গৰাকীৰ বাসভৱনলৈ গৈ সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰি উৎসাহিত কৰে কণমানি খেলুৱৈ গৰাকীক ।

প্ৰেৰক ধীৰেন মহলীয়া

Featured