গোৱালপাৰাত সংৰক্ষিত বনাঞ্চলত ৩৬ পৰিয়ালক উচ্ছেদ

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ গোৱালপাৰাৰ ভালুকডুবিত বন বিভাগৰ ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰি অহা ৩৬টা পৰিয়ালক আজি উচ্ছেদ কৰে গোৱালপাৰা বন বিভাগে৷ গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অন্তর্গত বগুলামাৰী প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ প্রায় ৫ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰি কেইবামাহ ধৰি বসবাস কৰি আহিছিল চৰাঞ্চলৰ একাংশ লোকে৷ আজি জিলা প্রশাসনৰ সহযোগত বন বিভাগে বিশাল আৰক্ষী বাহিনী লৈ এক্সেভেটৰেৰে এফালৰ পৰা উচ্ছেদ কৰে৷ উল্লেখ্য যে একাংশ ভূ–মাফিয়াই বন বিভাগৰ ভূমি অবৈধভাৱে দখল কৰি বিক্রী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ইফালে বন বিভাগৰ এই পদক্ষেপক জিলাবাসীয়ে আদৰণি জনোৱাৰ বিপৰীতে উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷