নগৰবেৰাৰ বি পি চলিহা কলেজৰ সোণালী জয়ন্তীৰ দিন সলনি

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পশ্চিম কামৰূপৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নগৰবেৰাস্থিত বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ এক বিশেষ জৰুৰী বৈঠক আজি মহাবিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়। সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াৰ পৌৰোহিত্যত আয়োজিত সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল পাঠক, নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিকে প্ৰমুখ্য কৰি বাকী সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে। আজিৰ সভাই সৰ্বসন্মত সিদ্ধান্তমৰ্মে অনিবাৰ্য কাৰণবশতঃ পূৰ্বৰ ২৩, ২৪ আৰু ২৫ জানুৱাৰীৰ সলনি চলিত বৰ্ষৰ ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত সম্ভাব্য সোণালী জয়ন্তীৰ তিনিদিনীয়া আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে অৱশ্যে ১৮ জানুৱাৰীতহে চূড়ান্ত কৰা হ’ব সঠিক তাৰিখ। সভাৰ অন্তত স্মৃতিগ্ৰন্থত সন্নিবিষ্ট কৰাৰ বাবে সমূহ উপ সমিতিৰ ফটো তোলাৰো দিহা কৰা হয়। উদযাপন সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক মুকলি সভাত আমন্ত্ৰণৰ বাবে বহু প্ৰচেষ্টা চলয়ো সময়মতে সাক্ষাৎ নোপোৱাৰ বাবেই তাৰিখ সলনিৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস
Featured