লোকাৰণ্য অসম গ্ৰন্থমেলাৰ বাকৰি : বৰ্তমানলৈ ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

বিশেষ বাৰ্তা, ১ জানুৱাৰীঃ খ্ৰীষ্টিয় নৱবৰ্ষৰ আজি পহিলা দিনটোত লোকাৰণ্য হৈ পৰে  অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী৷ পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়ালৈ ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰে৷ বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যত উদ্‌যাপন কৰিবলৈ পুথিপ্ৰেমী বিদ্বৎ সমাজ , জ্ঞানান্বেষী শিক্ষাৰ্থী আৰু লেখক-সাহিত্যিকৰ এনে বিশাল সমাৱেশে চানমাৰি বাকৰিত উছৱৰ লহৰ সৃষ্টি কৰে ৷ বিপণীত হেঁপাহৰ গ্ৰন্থ ক্ৰয় কৰি নৱবৰ্ষ ২০২৩ক স্বাগত জনাই নিৰ্মল আনন্দ উপভোগ কৰে হেজাৰ হেজাৰ পঢ়ুৱৈয়ে৷ আজি কিতাপ বিক্ৰীও আশাব্যঞ্জক বুলি সদৰী কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ১ জানুৱাৰী পৰ্যন্ত ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে প্ৰকাশন পৰিষদে ৷ ইপিনে আজি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ ইয়াত মুখ্য অতথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে বিষয় সন্দৰ্ভত কয় যে সকলো লেখকে একে কাৰণতে নিলিখে ৷ সকলোৰে বেলেগ বেলেগ কাৰণ আছে ৷ তেওঁ দহ বছৰ বয়সৰ পৰাই লিখা বুলি উল্লেখ কৰি কয়— “সমাজখন ঘটনা বহুল ৷ এনে বহু ঘটনা মানি ল’ব নোৱাৰো বা হজম কৰিব নোৱাৰোঁ ৷ তেতিয়া মনত অশান্তি আৰু অস্হিৰতাৰ সৃষ্টি হয় ৷ আনন্দ আৰু বিষাদৰ সময়তো অস্থিৰতা আৰু চটফটনিৰ সৃষ্টি হয় ৷ এনে অস্থিৰতাৰ পৰা মুক্তি পাবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছিলোঁ৷ কিন্তু অস্থিৰতাৰ উপশম নঘটিল ৷ কলম হাতত তুলি ল’লেহে ইয়াৰ পৰা মুক্ত হ’ব পাৰো ৷ মই এইবাবেই লিখোঁ ৷ অৰ্থাৎ মানসিক অশান্তিৰ পৰা মুক্তি লাভ কৰাৰ ঔষধ হিচাপেই যোৱা ৬০ বছৰে অবিৰতভাৱে লিখি আহিছোঁ ৷ কিবা বিৰাট সামাজিক পৰিৱৰ্তনৰ লক্ষ্যৰে লিখাৰ সাধনা কৰা বুলিলে মই মিথ্যাচাৰ চলোৱা হ’ব৷ মই সদায়ে বাস্তৱতাক গুৰুত্ব দি আহিছোঁ ৷ মই কেতিয়াও দাবী নকৰোঁ যে মোৰ দৃষ্টিভংগী সম্পূৰ্ণ শুদ্ধ বা মোৰ কথা সকলোৱে মানি চলিব লাগিব ৷” আলোচনা সত্ৰখন সঞ্চালনা কৰে বিশিষ্ট কাহিনীকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই ৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে— “সাহিত্য কৰ্ম এক নিৰলস সাধনাৰ যাত্ৰা ৷ এয়া কঠিন যাত্ৰা ৷ তথাপি সাহিত্যিক সকলে কিয় এই যাত্ৰাত অৱতীৰ্ণ হয়, এয়া বৰ গুৰুত্বপূৰ্ণ বিষয় ৷ এই প্ৰশ্নৰ উত্তৰ প্ৰতিজন লেখকৰ বাবে বেলেগ হোৱাই স্বাভাৱিক৷ ৰাজনৈতিক আদৰ্শ, নন্দনতাত্বিক উদ্বিগ্নতা, আত্মমগ্নতা আদি বিভিন্ন কাৰণত লিখা হয় ৷ আনকি নিজকে কেতিয়াবা লুকুৱাবলৈও লিখা হয় ৷ সাহিত্যই তাৎক্ষণিকভাৱে কোনো বিপ্লৱ আনিব বুলি ভাবিব নোৱাৰি ৷ সাহিত্যৰ যাত্ৰা একধৰণৰ বিবৰ্তন বুলি ক’ব পাৰি ৷”আন এগৰাকী আলোচক অতিথি , বিশিষ্ট গল্প কথক লীনা শৰ্মাৰ মতে– “জৰ্জ অ’ৰৱেলৰ এখন কিতাপ আছে —why I write. এই বিষয়ে তেওঁ বিভিন্ন কাৰণ দৰ্শাইছে ৷ সেই অনুসৰি বহুতে অহংকাৰত লিখে, কিছুমানে মন ভাল লগাবলৈ লিখে, কিছুমানে বুৰঞ্জীৰ ভুল তথ্য শুধৰাবলৈ লিখে আদি ৷ মই কিন্তু দ্বিতীয়টো কৰণত অৰ্থাৎ মন ভাল লগাবলৈ লিখোঁ ৷তদুপৰি বিভিন্ন সময়ত আনে কৰা সুন্দৰ কাম কৰিব নোৱাৰি হীনমন্যতাত ভূগো ৷ ইয়াৰ পৰা মুক্তি লাভ কৰিবলৈও লিখিবলৈ লওঁ ৷বৰ আনন্দত থাকিলেও লিখিব নোৱাৰো ৷ মন বেয়া লাগিলে বা বিষাদেৰে ভাৰাক্ৰান্ত হ’লে মন ফৰকাল কৰিবলৈ মই লিখিবলৈ আৰম্ভ কৰোঁ ৷” একেদৰে বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতীয়ে ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকি কয় যে লেখকসকল এটা শ্ৰেণী ৷ সকলো শ্ৰেণীৰে এটা বৈশিষ্ট্য থাকে ৷ লেখক শ্ৰেণীৰো তেনে একেধৰণৰ বৈশিষ্ট্য আছে ৷ গতিকে লিখাৰ কিছুমান কাৰণ একে৷ কিন্তু প্ৰত্যেকে যিহেতু পৃথক মানুহ গতিকে লিখাৰ পৃথক কাৰণো নিশ্চয় আছে ৷ মোৰ নিজৰ মাজতে অহৰহ দ্বন্দ্ব থাকে ৷ যেন মোৰ লিখক সত্তা মোৰ পৰা বেলেগ ৷সেয়ে মই কিয় লিখোঁ বুলিলে দ্বিধাগ্ৰস্ত হওঁ ৷ তথাপি কব পাৰো যে মই মোৰ গাঁৱখনৰ প্ৰতি , গ্ৰাম্য জীৱনৰ প্ৰতি দায়ৱদ্ধ ৷ ইয়াৰ পৰাই মই মোৰ পৃথিৱীৰ সন্ধান কৰোঁ ৷ গতিকে লিখাৰ প্ৰক্ৰিয়া মোৰ বাবে সেৱা নাইবা প্ৰাৰ্থনা ৷” আন এগৰাকী বিশিষ্ট গল্পকাৰ জয়ন্ত মাধৱ বৰাই আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয়— “লিখাৰ স’তে জীৱন অন্বেষণৰ কথা জৰিত হৈ থাকে ৷ লিখাটো মোৰ বাবে যোগ সাধনাসদৃশ ৷ শান্তি বিচাৰি মই লিখো ৷ মোৰ লিখাৰ এক উদ্দেশ্য আছে ৷ মোৰ লিখাৰ উদ্দেশ্যত ৰাজনৈতিক আদৰ্শও আছে ৷ তদুপৰি সম্পাদকৰ তাগিদাতো লিখা হয় কিন্তু উদ্দেশ্যৰ পৰা আঁতৰি নাহো ৷ মোক শৰীৰে অনুমতি দিয়ালৈ লিখি থাকিম ৷” ইয়াত আলোচক অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়া ৷ তেওঁ বিষয় প্ৰসংগত এনেদৰে কয়— “মই সদায়ে নিজকে এটি নিঃসহায় শিশুৰ ৰূপত পুনৰ আৱিষ্কাৰ কৰোঁ ৷ কিতাপ আৰু কলম নথাকিলে মই নিজকে আজিৰ এই ৰূপত নাপালোহেঁতেন ৷ আইৰ মুখত শুনা সাধুবোৰে মন বিষাদেৰে  ভৰাই তুলিছিল ৷ তেজিমলা হ’বলৈ মন গৈছিল৷ এনে বিষাদৰ পৰা মুক্তি বিচাৰি লিখিবলৈ লৈছিলোঁ৷ নিজকে জীয়াই ৰাখিবলৈ হাতত কলম তুলি লৈছিলোঁ৷ কাৰণ মই বৰ অন্তৰ্মুখী আছিলোঁ৷ এসময়ত মৃত্যু চেতনাই কিয় খেদি ফুৰিছিল নাজানো৷ ইয়াৰ পৰা হাত সাৰিবলৈ লিখিছিলোঁ৷ এতিয়া অৱশ্যে জীয়াই থাকিবলৈ লিখা বুলিলে ভুল হ’ব৷ এতিয়া মই সুখী হ’বলৈ লিখোঁ ৷ নিজৰ যন্ত্ৰণা অতিক্ৰম কৰি আনৰ যন্ত্ৰণা অনুভৱ কৰি লিখাৰ কছৰৎ কৰোঁ ৷ আত্মমগ্নতাৰ নিজকে উলিয়াই আনি লিখাৰ এক পৰিৱেশ দিছিল কটন কলেজে ৷ এতিয়া লিখাটো এক দায়িত্ব বুলি ভাবো৷” আলোচনা সত্ৰখন উদ্বোধন কৰে নলবাৰীৰ ধমধমা আঞ্চলিক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জ্যোৎস্না আহমেদে৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায় ৷

কিতাপৰ বেটুপাত ভাল হ’লেই নহবঃ অনুৰাধা শৰ্মা পূজাৰী

আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “সাহিত্য-আলচ” শীৰ্ষক আন এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয়— “পাঠক-প্ৰকাশক আৰু লেখক এই তিনিকোণীয়া ব্যৱস্থাটোৱে কিতাপ আৰু সাহিত্যৰ ভবিষ্যত নিৰ্ধাৰণ কৰে ৷ গতিকে লেখক-পাঠকৰ এই মুখামুখি অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ ৷ কিতাপ এখনৰ বেটুপাত আটকধুনীয়া হ’লেই নহব, ভিতৰৰ গুণ-মানো উন্নত হ’ব লাগিব৷ প্ৰকাশকসকলো এই ক্ষেত্ৰত সচেতন হোৱাৰ প্ৰয়োজন আছে ৷ কেৱল ডি .টি. পি.ৰ সুবিধা থাকিলেই বাছ-বিচাৰ নোহোৱাকৈ কিতাপ প্ৰকাশ কৰা অনুচিত৷ এই ক্ষেত্ৰত ভাষাৰ সচেতনতা লাগিব, দায়িত্ববোধ আৰু সাধনা লাগিব ৷ তেতিয়াহে ভাষা-সাহিত্যৰো সমৃদ্ধি হ’ব৷” এই অনুষ্ঠান সঞ্চালনা কৰে নাট্যকাৰ-লেখক, গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে৷ তেওঁ মন্তব্য কৰে যে অসম প্ৰকাশন পৰিষদে নতুন লেখকসকলৰ মাজত অনুষ্ঠিত কৰা “সাহিত্য-আলচ” অতি গুৰুত্বপূৰ্ণ এক অনুষ্ঠান ৷ কাৰণ ইয়াৰ জৰিয়তে নতুন লেখকসকলক এখন মঞ্চ দিয়া হৈছে ৷ সাহিত্যৰ বিষয়ে এনে আলোচনাই লেখক সকলক উৎসাহিত কৰিব ৷ এনে মঞ্চত লেখক সকলে মুখামুখি হৈ মত বিনিময় কৰাটো ইতিবাচক ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে হিমাংশু ভাগৱতী, পূৰৱী বৰুৱা,অংকিতা বৰুৱা, মীনাক্ষি বৰুৱা, নিৰ্মালী নয়নতৰা, দিগন্ত নিবিড়, ড° জয়ন্ত ডেকা, বিনু দাস, মন্দিৰা গগৈ, স্মৃতিৰেখা ভূঞা, প্ৰীতিৰেখা ভূঞা, ধীৰুমণি গগৈ আদি নতুন প্ৰজন্মৰ কেবাগৰাকী কবি-গল্পকাৰ-ঔপন্যাসিক , নাট্যকৰ্মী,সাহিত্য-সমালোচক, নিবন্ধকাৰে ৷ইপিনে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় চমকপ্ৰদ প্ৰতিভাৰ চিত্ৰ-শিল্পী ৰবিন ব’ৰৰ চিত্ৰ-কলাৰ অনুষ্ঠান আৰু এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷
Featured