গুৱাহাটী বিশ্ব বিদ্যালয়ত ৰেগিঙৰ কবলত পৰি শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই

নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ব বিদ্যালয়তে নহয়, ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত অব্যাহত আছে ৰেগিং কাণ্ড| ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পাছত এইবাৰ পোহৰলৈ আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ভয়ংকৰ ৰেগিং কাণ্ড। জানিব পৰা মতে গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰপাৰা ভেৰভেৰী ভূঞাপাৰা গাঁৱৰ ছায়েদ খাৰ পুত্ৰ হজৰত আলীয়ে ৰেগিংৰ বশৱৰ্তী হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিগত তিনি মাহে চিকিৎসাধীন হবলগীয়া হৈছে। সুতাৰপাৰা ভেৰভেৰী ভূঞাপাৰা গাঁৱৰ হজৰত আলী নামৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰচিচি-৩ নং ছাত্ৰাবাসৰ ছাত্ৰজনে অগ্ৰজ ছাত্ৰৰ ৰেগিংৰ নামত বাওঁ কানত কৰা উপৰ্যুপৰি প্ৰহাৰৰ বাবেই নুশুনা হ’ল কানেৰে। বিগত তিনিমাহৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি সৰ্বস্বান্ত হৈছে ছাত্ৰজনৰ দুখীয়া পৰিয়ালটো। সম্প্ৰতি কিছু সুস্থ হৈ নিজ গৃহত উপস্থিত হোৱা ছাত্ৰজনক লৈ দুখীয়া কৃষক পৰিয়ালটো অতিকে চিন্তিত হৈ পৰিছে।

উল্লেখ যে ছাত্ৰাবাসৰ কৌশিক দেৱনাথ নামৰ এজন অগ্ৰজ ছাত্ৰই কৰা প্ৰহাৰৰ ফলত ছাত্ৰজনৰ এই কাণৰ সমস্যা হোৱা আৰু এই তথ্য সদৰী নকৰিবলৈ ফোনত বিভিন্ন ভাবুকি দিয়াৰ কথাও নিজমুখে উল্লেখ কৰে ভুক্তভোগী ছাত্ৰ হজৰত আলীয়ে। ইয়াৰ উপৰিও ভুক্তভোগী ছাত্ৰ হজৰত আলীয়ে বিশ্ববিদ্যালয় কতৃপক্ষৰ পৰা ন্যায় বিচাৰি বিমুখ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনহাতে ছাত্ৰগৰাকীৰ পিতৃ ছায়েদ খা বৃত্তিত এগৰাকী খেতিয়ক, পুত্ৰক পঢ়ুৱাবলৈ নিজৰ খেতি মাটিকে বিক্ৰী কৰিলে পাঁচ লাখকৈ টকাত, খেতিমাটি বিক্ৰী কৰি পুত্ৰক উচ্চ শিক্ষিত কৰিব খোজা পিতৃৰ সপোনতো আউল লগালে এই ৰেগিং’ কাণ্ডই। ভুক্তভোগী ছাত্ৰ গৰাকীৰ লগতে পৰিয়ালটোৰ প্ৰতিজনেই ৰেগিং কাণ্ডৰ ন্যায় আৰু ছাত্ৰ গৰাকীৰ চিকিৎসাৰ দিহা কৰাৰ লগতে দোষীক চিনাক্ত কৰি শাস্তিৰ দিহা কৰিবলৈ চৰকাৰ-প্ৰশাসনলৈ দাবী জনাইছে।

 প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

Featured