মিচেছ ভগষ্টাৰ ইণ্ডিয়া, কামৰূপৰ খিতাপ দখল গুৱাহাটীৰ ঝুমা দত্তৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল: জয়পুৰৰ বিলাসী লে মেৰিডিয়ান হোটেলত ১৬ এপ্ৰিল দেওবাৰে অনুষ্ঠিত হয় মিচ আৰু মিচেছ ভগষ্টাৰ ইণ্ডিয়া আৰু ফেশ্বন সপ্তাহ ২০২৩ ৰ বহু প্ৰত্যাশিত আৰু অতি গ্লেমাৰাছ গ্ৰেণ্ড ফিনালে।

মিচেছ ভগষ্টাৰ ইণ্ডিয়া ২০২৩(জি-২) শাখাত অসমক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ ঝুমা দত্তই বিজয়ী(কামৰূপ) খিতাপ দখল কৰে। এই অনুষ্ঠানটোক দুটা গ্ৰেণ্ড শিতানত বিভক্ত কৰা হৈছিল – মিচ আৰু মিচেছ ভগষ্টাৰ। ইয়াৰে মিচেছ শ্ৰেণীটোক আকৌ দুটা শাখাত ভাগ কৰা হৈছিল, য’ত অংশগ্ৰহণকাৰীসকলৰ বয়স ১৮- ৩৫ আৰু ৩৬-৬০ বছৰ বয়সৰ ভিতৰৰ দুটাকৈ গোট আছিল।

খিতাপ দখল কৰাৰ পাছত এই যাত্ৰা সন্দৰ্ভত শ্ৰীমতী ঝুমা দত্তই কয়, ” মই ইমানেই সুখী যে মোৰ অনুভৱৰ বৰ্ণনা কৰিবলৈ শব্দ বিচাৰি পোৱা নাই। ৭০০ প্ৰতিযোগীৰ মাজৰ পৰা মোক বাছনি কৰাৰ বাবে ভগষ্টাৰক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো। এয়া সম্ভৱ হৈছে মোৰ পৰিয়ালৰ সহায়ৰ লগতে বিশেষকৈ মোৰ স্বামী সঞ্জিব দত্ত আৰু মোৰ পুত্ৰ শৌৰ্য্য দত্তই কৰা সমৰ্থনৰ বাবেহে। তেওঁলোকে মোক প্ৰতিটো ক্ষেত্ৰতে আৰু গোটেই যাত্ৰাটোত সদায় সহায় কৰি আহিছে।”

ইপিনে সমাজৰ বাবে কি কৰিব বিচাৰে বুলি সোধা প্ৰশ্ন সন্দৰ্ভত দত্তই লগতে কয়, ‘মই অভাৱগ্ৰস্ত লোকৰ বাবে কাম কৰিব বিচাৰো আৰু মোৰ চহৰৰ আৰ্তজনৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ শিক্ষা দিয়াৰ সপোন আছে, বিশেষকৈ যিসকলে স্কুললৈ যোৱাৰ সামৰ্থ্য নাই।

উল্লেখযোগ্য যে প্ৰতিভাৱান এলিছন উডহামে বিশেষজ্ঞতাৰে কোৰিঅ’গ্ৰাফী কৰা গ্ৰেণ্ড ফিনালেত ফেব্ৰীক আৰু চিলোৱাট দুয়োটাতে শীৰ্ষ ফেশ্বন ডিজাইনাৰসকলৰ নমুনা প্ৰদৰ্শন কৰা হৈছিল। ভগষ্টাৰে এই অনুষ্ঠানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদীয়মান ফেশ্বন ডিজাইনাৰসকলকো নিজৰ নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ জনাইছিল। ৩০ জন নিৰ্বাচিত ডিজাইনাৰে কেইবামাহো ধৰি অক্লান্তভাৱে কাম কৰি সুন্দৰ গহনা আৰু সাজ-পোছাকৰ এক আচৰিত সংকলন তৈয়াৰ কৰিছিল। ইফালে এই দৰ্শনীয় অনুষ্ঠানটোত কৌশলগত আৰু গ্লেমাৰাছ কৰি তোলাত অনুষ্ঠানটোৰ অফিচিয়েল গহনা অংশীদাৰ আছিল বিখ্যাত সাতাৰা ফেশ্বনছৰ।