নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ অসমৰ বিভিন্ন ঠাইত আৰক্ষী বুলি পৰিচয় দি অপৰাধত জডিত থকা ম’ষ্ট ৱাণ্টেড তথা ভুৱা আৰক্ষী বিষয়া ছফিকুল ইছলাম অৱশেষত হাজো আৰক্ষীৰ জালত পৰিল৷ হাজো আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড, ভুৱা আৰক্ষী বিষয়া ছফিকুল ইছলামক আটক কৰাৰ বাবে অভিযান চলাই আছিল৷ সেইমর্মে আয়ুব আলী নামৰ লোক এজনৰ পৰা যোৱা ৩ এপ্রিলত ম’ষ্ট ৱাণ্টেড ইছলামৰ বিৰুদ্ধে বাইক এখন লৈ উধাও হোৱাৰ অভিযোগ লাভ কৰে আৰক্ষীয়ে৷
উক্ত অভিযোগৰ ভিত্তিতে হাজো আৰক্ষীয়ে সিদিনাৰ পৰা গোপন অনুসন্ধান চলাই বাক্সা জিলাৰ কুমাৰীকাটাত যোৱানিশা ম’ষ্ট ৱাণ্টেড তথা ভুৱা আৰক্ষী বিষয়া ইছলামক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চাংসাৰি,বাইহাটা, ৰঙিয়াৰ লগতে অসমৰ বিভিন্ন ঠাইত আৰক্ষী বিষয়াৰ পোছাক পিন্ধি চাকৰিৰ প্রলোভনেৰে ধন সংগ্রহ, চুৰি– ডকাইতিত জডিত থকাৰ লগতে বিভিন্ন অপৰাধপ্রৱণ ঘটনাৰ লগত জডিত ধৃত ছফিকুল ইছলাম৷ ধৃত ছফিকুল ইছলামৰ ঘৰ হৈছে নলবাৰী জিলাৰ ভাঙোনমাৰী চৰত৷