কলগাছিয়াত ভাৰতীয় সেনা জোৱান কায়েম আলীৰ অকাল মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত মনাকচা গাঁৱৰ কাশেম আলীৰ পুত্ৰ তথা ভাৰতীয় সেনা জোৱানত কৰ্মৰত কায়েম আলীৰ বুধবাৰে অকাল মৃত্যু হোৱাত পৰিয়ালৰ লোকসকল কান্দোনত ভাগি পৰে। জানিব পৰা মতে যুৱকজনে ২০১৯ চনত সেনা জোৱানৰ চাকৰিত যোগদান কৰি মধ্যপ্ৰদেশৰ সেনা শিবিৰত কৰ্মৰত আছিল যদিও চাকৰিত যোগদানৰ পিছৰে পৰাই জটিল ৰোগত আক্ৰান্ত হৈ আছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত ছুটী লৈ ঘৰলৈ আহি চিকিৎসালয়ত ভৰ্তি হয় যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে সেনা জোৱানগৰাকীয়ে। পিছত চিকিৎসালয়ৰ পৰা সেনা জোৱানৰ সৈনিকসকলে যুৱকজনৰ মৃতদেহ ঘৰলৈ লৈ আহে। আজি সামৰিক মৰ্যাদাৰে শেষ কৰ্ম সম্পন্ন কৰা হয় জোৱানজনৰ।

প্ৰেৰক মফিদুল ইছলাম

Featured