দুলীয়াজানত অভিনয়ম নাট্যগোষ্ঠীৰ তৃতীয় বাৰ্ষিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ

দক্ষিণ আমেৰিকাৰ নাট ৰিঅ' মঞ্চায়ন

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ –– গুৱাহাটী পূৰ্বৰংগৰ দ্বাৰা নিবেদিত গুণাকৰ দেৱগোস্বামীৰ পৰিচালনা আৰু জিন্টু ভট্ৰাচাৰ্যৰ ৰচিত “যাকেৰী নাহিকে উপাম” নাট মঞ্চস্থৰে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথমদিনা কাৰ্যসূচী শুভাৰম্ভ হয় । দুলীয়াজানৰ অভিনয়ম নাট্যগোষ্ঠীৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তৃতীয় বাৰ্ষিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা ২২ আৰু ২৩ নৱেম্বৰত দুদিনীয়াকৈ দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। বন্তি প্ৰজ্বলনেৰে প্ৰথমদিনা নাটকৰ শুভ উদ্বোধন কৰে অইলৰ মুখ্য আবাসিক বিষয়া প্ৰশান্ত বৰকাকতীয় । আদৰণি ভাষণ আগবঢ়াই অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক-অভিনেতা তথা ৰজত কমল বটাঁপ্ৰাপ্ত যদুমণি দত্তই । মঞ্চ উদ্বোধন কৰে অইলৰ বিষয়া অতীন্দ্ৰ ৰয় চৌধুৰীয়ে। ইয়াৰ পাছতেই শোভামণি দত্ত তামুলী আৰু স্বপ্না দেৱী নাথৰ সম্পাদনাত প্ৰকাশিত অভিনয়ম নাট্যগোষ্ঠীৰ মুখপত্ৰ “অভিনয়ম” উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি শশাংক প্ৰতিম ডেকাই । নাট সমাৰোহৰ প্ৰথম নিশা সূদুৰ দক্ষিণ আমেৰিকা উৰুগুৱেৰ পৰা অহা নাট্যদলে মঞ্চায়ন কৰা নাট “ৰিঅ'” ই দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হয় । আজি অৰ্থাৎ ২৩ নৱেম্বৰত ত্ৰিপুৰা নাট্যভূমিয়ে “নাগিন কন্যা” আৰু অভিনয়ম নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিব নাট “এ পলিটিকেল ড্ৰিমছ” ।

কৃষ্ণা গগৈ