লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তর্জাতিক মাতৃভাষা দিৱস

বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰী : আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগে আন্তর্জাতিক মাতৃভাষা দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত সভাখনত  সভাপতিত্ব  কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্র ডেকাই।  সভাত  আন্তর্জাতিক মাতৃভাষা দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে অধ্যাপক ড০ বিভা দত্তই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লোহিত হাজৰিকা আৰু উপাধ্যক্ষ ছাজ্জাদ হুছেইনে বক্তব্য আগবঢ়ায়। সভাত বিভাগৰ  অধ্যাপক  অচুৎ কুমাৰ গগৈ, অধ্যাপক মৃদুস্মিতা হাজৰিকা, অধ্যাপক মৃণালী পেগু, বিভাগৰ ছাত্র পবিত্র চুতীয়া আৰু দীপজ্যোতি মিলিয়ে বক্তব্য আগবঢ়ায়। শেষত সভাপতিৰ মন্তব্য আৰু মিত্রদেৱ মহন্তৰ “চিৰ চেনেহী মোৰ ভাষা জননী” ধ্বনিৰে সভাৰ সামৰণি মৰা হয়।

 

প্ৰেৰক জীৱন গোস্বামী

Featured