মৰিয়নিত যোৰহাট জিলা ইমাম পৰিষদৰ বিশেষ অভিৱৰ্তন

বিশেষ বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ নৱগঠিত যোৰহাট জিলা ইমাম পৰিষদৰ বিশেষ অভিৱৰ্তন কালি দিনজোৰা কাৰ্য্যসূচীৰে মৰিয়নিৰ জামে মছজিদৰ প্ৰাংগণত সম্পন্ন হয়। পৰিষদৰ সভাপতি মৌলানা মুচাদ্দিক হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনৰ মূল সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে পৰিষদৰ সম্পাদক হাফিজ ফাইজুল ইছলামে উদ্দেশ্য ব্যাখ্যাত হাফিজ ফাইজুল ইছলামে উল্লেখ কৰে যে ইমাম সকল হৈছে এখন মুছলিম সমাজৰ পথ প্ৰদৰ্শক। এই ইমাম সকলৰ বহু অভাৱ অভিযোগ আছে, তেওঁ‌লোকৰ অভাৱ অভিযোগ সমূহ নিৰ্মূল কৰাৰ স্বাৰ্থত সদৌ অসম ইমাম পৰিষদ গঠন কৰা হৈছিল। এই পৰিষদৰ অন্তৰ্গত যোৰহাট জিলা ইমান পৰিষদ কেইমাহমানৰ আগত গঠন কৰাৰ পিছত সম্প্ৰতি পৰিষদৰ অন্তৰ্গত ১১খন আঞ্চলিক সমিতি গঠন কৰাৰ লগতে জিলাখনৰ ১৫৩ টা জামাতৰ সভাপতি সম্পাদকৰ উপস্থিতত ইমামসকলৰ সমস্যা-অভাৱ-অভিযোগসমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে এই অভিৱৰ্তনৰ আয়োজন কৰা বুলি তেওঁ লগতে উল্লেখ কৰে। যোৰহাট জিলা ইমাম পৰিষদৰ অন্তৰ্গত ১১খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু দুই শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাৰ আদৰণি ভাষণ প্ৰদান কৰে শিক্ষাবিদ, সমাজকৰ্মী আলহাজ নেকিব ইছলামে। আদৰণি ভাষণ প্ৰসংগত তেওঁ মৰিয়নি অঞ্চলৰ এক চমু ইতিবৃত্ত দাঙি ধৰে। মৰিয়নিৰ কাষেৰে বৈ যোৱা ভোগদৈ (দিচৈ) নৈৰ বুকুৰ বালিৰ আকৰৰ পৰা আহোমৰ ৰাজত্ব কালত সোণ বুটলাৰ প্ৰসংগ উত্থাপন কৰি ‘মৰিয়নি’ৰ নাম কিদৰে উৎপত্তি হৈছিল সেই বিষয়েও উল্লেখ কৰে। আনহাতে, সম্ভৱত উনবিংশ শতিকাৰ প্ৰাৰম্ভণিতে স্থাপন কৰা চাহ বাগিচাত কাম কৰিবৰ বাবে প্ৰয়োজনত বিশেষকৈ পূর্ববংগ তথা বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা দৰ্জ্জী খানচামা(ৰান্ধনী), বেহেৰা (চাকৰ), কেঁচাই আদি কামৰ বাবে ইছলামধৰ্মী লোকৰো মৰিয়নি লৈ আগমন হয় বুলিও তেওঁ লগতে উল্লেখ কৰে । সেই সময়ত ৰেলৱে আৰু স্থানীয় চাহ শিল্পত নিযুক্ত হোৱা মুছলমান লোক সকলৰ সহযোগত ১৮৮১ চনতে মৰিয়নিত জামে মছজিদৰ ভেটি স্থাপন হয় আৰু এই মছজিদে বৰ্তমান ১৪৩ বছৰ অতিক্ৰম কৰিছে। এই মছজিদৰ জামাতে অঞ্চলটোত শান্তি প্ৰেম, ভাতৃত্ববোধ আদি ভাবধাৰা সমূহ দাঙি ধৰাত সদায় আগভাগ লৈ আহিছে বুলি উল্লেখ কৰি পবিত্ৰ কোৰাণৰ উদ্ধৃতি দি তেওঁ কয়- ‘হে’ মানৱ , তোমালোকে তোমালোকৰ মাজত ঐক্য স্থাপন কৰা’। সভাখনত সদৌ অসম ইমাম পৰিষদৰ সাধাৰণ সম্পাদক আলহাজ নেকবৰ আলি উপস্থিত থাকি সমিতিৰ কৰ্মপন্থা সম্পৰ্কত বক্তব্য প্ৰদান কৰে। আনহাতে, আলহাজ মৌলানা হাৰুণ ৰচিদ কাছিমি, মৌলানা ইছমাইল আলী আদি বিশিষ্ট উলেমা সকলেও সভাত বক্তব্য প্ৰদান কৰে। সভাত ৰাজ্যিক সম্পাদক আলহাজ নেকবৰ আলি, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইন, আলহাজ মৌলানা হাৰুণ ৰচিদ কাছিমি, আলহাজ হাফিজ মুস্তাকিম আলি, মুফটি ছাদিকুল ইছলাম, আলহাজ মুজিবুৰ ৰহমান, আলহাজ নেকিব ইছলাম প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত পৰিষদৰ প্ৰতি গৰাকী বিষয়ববীয়া, প্ৰতিখন জামাতৰ সভাপতি সম্পাদক, আঞ্চলিক সমূহৰ সভাপতি সম্পাদক, মোৱাজ্জীন, খাদিম সকলোৱে একগোট হৈ পৰৱৰ্তী কাম সমূহ সম্পাদন কৰা, ইমাম সকল থকা জামাতত পৰিষদৰ পৰা এটি সঁজাতি দল গৈ তাৰ পৰিবেশ, শিক্ষা প্ৰদান প্ৰক্ৰিয়া, বেতন, ইমামটি কৰাৰ প্ৰক্ৰিয়া আদিৰ ওপৰত দৃষ্টি ৰাখি উক্ত জামাতক অৱগত কৰা, পৰিষদৰ অন্তৰ্গত জামাত সমূহে অহা তিনিমাহৰ ভিতৰত নিজ নিজ জামাতত একোখন যুৱ সমিতি গঠন কৰা, ইতিমধ্যে যি সকল যুৱকে ইছলামিক শিক্ষা শেষ কৰি ঘৰত আছে খালি হোৱা মছজিদত যোগ্যতা অনুসৰি মকৰলত প্ৰধান্যতা প্ৰদান কৰা, পৰিষদৰ অন্তৰ্গত জামাত সমূহৰ মছজিদ, কবৰস্থান, ঈদগাহ আদিৰ মাটি কালি সঠিক নিৰ্ধাৰণ কৰি পঞ্জীয়ন আদিৰ কাম সম্পন্ন কৰা, প্ৰতিখন আঞ্চলিক সমিতিয়ে নিজ নিজ এলেকাত শ্বৰিয়তী খিলাফ কাম কাজৰ ওপৰত দৃষ্টি ৰাখি, প্ৰয়োজনত প্ৰশাসনৰ সহায় লৈ হলেও মদ, ভাং, ড্ৰাগছ আদিৰ প্ৰচলন বন্ধ কৰাৰ চেষ্টা অব্যাহত ৰখা আদি অন্যতম। শেষত বিশ্বৰ মানৱ জাতিৰ কল্যান আৰু শান্তি সম্প্ৰীতিৰ হকে দোৱা কৰি অভিৱৰ্তনৰ সামৰণি পৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured