মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ জৰিয়তে ইংলেণ্ডলৈ দুলীয়াজানৰ কংকন

নিয়মীয়া বাৰ্তা, ১৭ জুলাই : “অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ’ৰ অন্তৰ্গত ‘মুখ্যমন্ত্ৰী বিজ্ঞান প্ৰতিভা সন্ধান’ আঁচনিৰ জৰিয়তে অসমৰ মুঠ ১০০গৰাকী মেধাৱী বিদ্যাৰ্থীৰ ভিতৰত পাঁচগৰাকী বিদ্যাৰ্থীয়ে চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হৈ ইংলেণ্ডলৈ যোৱাৰ সুবিধা লাভ কৰিছে। প্ৰতিভাশালী এই পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত দুলীয়াজানৰ কাষৰীয়া ঊষাপুৰ গাঁৱৰ কংকন বড়াই স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ২০২২ বৰ্ষত ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচনসহ উত্তীৰ্ণ হোৱা কংকন বড়া বৰ্তমান অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰ। ঊষাপুৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী অঞ্জল বড়া আৰু মৌচুমী বড়াৰ পুত্ৰ কংকনে যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটী আই আই টিত আৰু ১৩ মে’ৰ পৰা ১৭ মে’লৈ বাংগালুৰুৰ আই আই এছ চিত বিজ্ঞান সম্পৰ্কীয় এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তদুপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এন এছ পিয়ে আয়োজন কৰা মডেল প্ৰতিযোগিতাত মিষ্টাৰ মেকাৰ সন্মান লাভ কৰিছিল মেধাৱী ছাত্ৰ কংকনে। আনহাতে¸ এই দলটোৰ বাকী চাৰিজন ছাত্ৰ-ছাত্ৰী ক্ৰমে দৰঙৰ জাহ্নৱীপ্ৰিয়া নাথ, মাজুলীৰ লক্ষ্য কলিতা, নগাঁৱৰ মঞ্জয় নন্দী আৰু গোলাঘাটৰ নিকিতা নেওগ। তেওঁলোকে ইংলণ্ডৰ প্ৰখ্যাত কেম্ব্ৰিজ আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয় ভ্ৰমণ কৰাৰ লগতে দেশখনৰ বিভিন্ন বিজ্ঞান প্ৰতিষ্ঠান আৰু আন শিক্ষানুষ্ঠান ভ্ৰমণ কৰিব।

প্ৰেৰক কৃষ্ণা গগৈ

Featured