লাচিত দিৱস উপলক্ষে ধুবুৰীত ৰক্তদান শিবিৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি ২৪ নৱেম্বৰত ধুবুৰীত কেশৱ সেৱা সমিতিৰ উদ্যোগত এক ৰক্তদান শিৱিৰ অনুষ্ঠিত হৈ যায়। কেশৱ সেৱা সমিতিৰ সভাপতি ড৹ দ্বীপেন্দ্ৰ কুমাৰ অধিকাৰীকে ধৰি সমিতিৰ অন্যান্য কাৰ্য্যকৰ্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ধুবুৰী চহৰৰ ‘‘কেশৱ মাধৱ ধাম’’ত ভাৰত মাতা পূজন আৰু লাচিত বৰফুকনৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি কাৰ্য্যসূচীৰে ৰক্তদান শিৱিৰটোৰ শুভাৰম্ভ ঘটে। সেৱা ভাৰতী পূৰ্বাঞ্চল, নেশ্বনেল মেডিক’জ অৰ্গানাইজেচন (অসম) আৰু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা সিদিনাৰ সেই ৰক্তদান শিৱিৰত মুঠ ২৫গৰাকী ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰা বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে। ৰক্তদান শিৱিৰটোত সংগ্ৰহ হোৱা ২৫ ইউনিট তেজ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ক চমজাই দিয়া হোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured