মহা শিৱৰাত্ৰি উপলক্ষে লখিমপুৰৰ নীলকণ্ঠেশ্বৰ মন্দিৰত বিৰ দি বাট নোপোৱা পৰিবেশ 

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী:  মহাশিৱৰাত্ৰি উপলক্ষে আজি চৌদিশে  উখল  মাখল পৰিবেশ। লখিমপুৰ নগৰ আৰু দাতি কাষৰীয়া প্ৰতিটো শিৱ মন্দিৰ, থান আদিত ভক্তৰ লানি নিছিগা সোঁত। লখিমপুৰ নগৰ এলেকাৰ খেলমাটিৰ নীলকণ্ঠেশ্বৰ মন্দিৰত সৰ্বাধিক ভিৰ পৰিলক্ষিত হয়। ভিৰ নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী ৰ উপৰি অৰ্ধ সামৰিক বাহিনীও নিয়োগ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হয়। সকলোৱে মহাদেৱ ভোলানাথৰ আশীৰ্বাদ কামনাৰে  নৈবেদ্য অৰ্পণ কৰে। আজিৰ পৰা আৰম্ভ হোৱা এই পূজা কাইলৈ বিয়লিহে অন্ত পৰিব। মহাশিৱৰাত্ৰিৰ কাৰ্যসূচীৰ উপৰি এই মন্দিৰত মহা মৃত্যুঞ্জয় যজ্ঞৰো আয়োজন কৰা হৈছে। বিগত বছৰৰ তুলনাত এইবাৰ ভক্তৰ ভিৰ অধিক হৈছে। এক সুন্দৰ ফৰকাল বতৰত পূজাৰ মাদকতা বৃদ্ধি হৈছে। ভক্তপ্ৰাণ ৰাইজ উবুৰি খাই পৰি আধ্যাত্মিক ভাৱত নিমজ্জিত হৈ পৰিছে।