নাবালিকাক ধৰ্ষণঃ ধুবুৰীত অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে এক লাখ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ আজি ধুবুৰীৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালত তথা স্পেচিয়েল পকছো আদালতে আজি নাৱালিকা ধৰ্ষণৰ এটা গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি এজন লোকক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকাৰ জৰিমনা বিহে। জানিব পৰা মতে, বিগত বৰ্ষৰ ৩১ আগষ্টত অতুল বিশ্বাস নামৰ এজন লোকে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা বুলি মাতৃগৰাকীৰ সেই এজাহাৰ মৰ্মে বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত অভিযুক্ত অতুল বিশ্বাসৰ বিৰূদ্ধে তামাৰহাট আৰক্ষীয়ে ২০৮/২০২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছিল। তামাৰহাট থানাৰ সেই বিশেষ গোচৰটোৰ আজি ৰায়দান প্ৰদান কৰি ধুবুৰীৰ বিশেষ পস্কো আদালতে অতুল বিশ্বাস সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু ল’গতে এক লাখ টকাৰ জৰিমণাও বিহে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী