দীপাৱলী উপলক্ষে ২৫ অক্টোবৰত বজালীত স্থানীয় বন্ধ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ২৫ অক্টোবৰত বজালী জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে৷ জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা স্বাক্ষৰিত নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আইন, ১৮৮১ৰ অধীনত GAG(A).81/2016/749 dated: 28/10/2021 নিৰ্দেশনা অনুসৰি এই বন্ধ ঘোষণা কৰি ২৫ অক্টোবৰত জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, আদালত, বিত্তীয় প্রতিষ্ঠান, বেংক, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিৰ লগতে সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব৷ অৱশ্যে উক্ত দিনটোত কোনো পূৰ্বনিৰ্ধাৰিত পৰীক্ষা থাকিলে সেয়া নিৰ্দিষ্ট সূচীমতেই অনুষ্ঠিত হ’ব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে৷

প্ৰেৰক কল্যাণ কলিতা

Featured