লুৰিণৰে বৈঠক : অজাপ যোগদানৰ সম্ভাৱনা জিতেন গগৈৰ!

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ দুই গগৈৰ বন্ধ কোঠাৰ ভিতৰত ৰুদ্ধদ্বাৰ বৈঠক৷ আপোনালোক সকলোৰে নিশ্চয় মনত আছে, অসময়ত কাজিৰঙাৰ ৰজা হিচাবে সংবাদ শিৰোনাম দখল কৰা, দুটাকৈ কাৰ্যকাল বোকাখাতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন নিৰ্দলীয় বিধায়ক জিতেন গগৈৰ কথা৷ সেই জিতেন গগৈৰ বাসগৃহতে কালি নিশা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হৈ মিলিত হ’ল এক ৰুদ্ধদ্বাৰ আলোচনাত৷ পুৰণি চিনাকি আৰু বহু ঘৰুৱা সম্পৰ্ক থকা বুলি কৈ গুৱাহাটীলৈ অহাৰ পথত প্ৰাক্তন বিধায়ক জিতেন গগৈক সাক্ষাৎ কৰা বুলি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিলেও সমাগত পঞ্চায়ত নিৰ্বাচন বা আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত পোনপতীয়া আলোচনা নকৰিলেও বৰ্তমান সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ সুৰক্ষাৰ ওপৰতেই আলোচনা কৰা বুলি মন্তব্য কৰে৷ সমান্তৰালভাৱে প্ৰাক্তন বিধায়ক জিতেন গগৈক অসম জাতীয় পৰিষদত যোগদান কৰি অসমৰ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী শক্তিক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ দুবাৰকৈ বোকাখাতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক জিতেন গগৈ অসম জাতীয় পৰিষদত যোগদান কৰিলে দলটো শক্তিশালী হোৱাৰ লগতে বোকাখাতৰ উন্নয়ন আৰু অধিক ত্বৰান্বিত হ’ব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে৷ আনহাতে অসম গণ পৰিষদ বিজেপিৰ বি টীম হিচাবে ৰাজ্যত কাম কৰি থকা বুলি কৈ বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰি একমাত্ৰ ৰাজনৈতিক ক্ষমতা অটুট থকা আৰু আত্মসুৰক্ষাৰ বাবেহে কাম কৰি আছে বুলি মন্তব্য কৰে ৷ ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তি ভঙ্গ কৰা বুলি অভিযোগ কৰে৷ কা আন্দোলনৰ গইনা লৈ অসম চুক্তিৰ সকলো দফা জলাঞ্জলি দিয়াৰ লগতে ৫নং দফা বিলুপ্তি কৰাক লৈ আক্ষেপ কৰে লুৰিণজ্যোতি গগৈয়ে ৷ কেৱল ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেই অগপই বিজেপিৰ ওচৰত বিক্ৰী হ’ল বুলি মন্তব্য কৰে৷ শেহতীয়াকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে হোৱা বিতৰ্কৰ সম্পৰ্কত আছুৰ বিষয়ববীয়া আৰু শীৰ্ষ নেতৃত্বই অতি শীৰ্ঘ্ৰে আলোচনা কৰি গৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছুৰ পূৰ্বৰ গৰিমা অক্ষুন্ন ৰখাৰ আহ্বান জনায়৷ ইফালে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰিবনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত লুৰীণজ্যোতি গগৈৰ সৈতে ঘৰুৱাভাৱে আলোচনাত মিলিত হও যদিও অসম জাতীয় পৰিষদ দলত যোগদানৰ বাবে দিয়া প্ৰস্তাৱৰ কথা স্বীকাৰ কৰে৷ এইক্ষেত্ৰত দলীয় নেতৃবৰ্গৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে৷ আঞ্চলিকতাবাদী আৰু জাতীয়তাবাদী চিন্তাধাৰাৰে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে বোকাখাত নিৰ্মাণ গোটৰ জৰিয়তে কাম কৰি থাকি শেহতীয়াকৈ সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে কুজকাৱাজ চলোৱা কথা ব্যক্ত কৰে৷ ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মাজত আৰু ডেৰটা বছৰ সময় আছে৷ সমষ্টিবাসী ৰাইজে পুনৰবাৰ নিৰ্বাচনত অৱৰ্তীণ হ’বৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে ৷ কিন্তু নিৰ্বাচনত অৱৰ্তীণ হ’লে অসম জাতীয় পৰিষদত যোগদান কৰি নিৰ্বাচনত অৱৰ্তীণ হ’ব নে পুনৰ নিৰ্দলীয় হিচাবে অৱৰ্তীণ হ’ব সেই কথা জিতেন গগৈয়ে স্পষ্টকৈ একো মন্তব্য নকৰিলে ৷
প্ৰেৰক সুদীপ্ত তামুলী
Featured