৪৫ কোটি টকাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান পথ নিৰ্মাণৰ শুভ উদ্বোধন ফণীধৰ তালুকদাৰৰ


নিয়মীয়া বাৰ্তা, ২৮ মে’: অৱশেষত প্ৰতিশ্ৰুতি পুৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে । যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভৱানীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ভৱানীপুৰ-সাউদৰভিঠা- মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ পুণৰনিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদাণ কৰিছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজক । সেই অনুসৰি আজি বাক্সা জিলাৰ শালবাৰী মহকুমা তথা ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাউদৰভিঠা- মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় । লোক নিৰ্মাণ বিভাগৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ SOPD-Gৰ শিতানত নিৰ্মাণ হব সাউদৰভিঠাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথটো আধাৰশিলা স্থাপণ কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে । ৪৫ কোটি টকাৰে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ হব লগা পথটো ৫০ টন বহন ক্ষমতা থাকিব । পথটো ৫.৫ মিটাৰ কাৰ্পেটিং আৰু ৯ মিটাৰ বহল হব বুলি জানিবলৈ দিয়ে বিভাগীয় বিষয়াই । ভৱানীপুৰ সমষ্টিৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ লগতে দেশী বিদেশী পৰ্যটকৰ বহুদিনীয়া অভাৱ দূৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ পথটো বিধায়ক ফণীধৰ তালুকদাৰে নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী । আজি বাক্সাৰ সাউদৰভিঠা চ’কত নাৰিকল ভাঙি , ৰঙা ফিটা কাটি পথটো নিৰ্মাণৰ শুভ উদ্বোধন কৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে অনাগত দিনত এইসমূহ পথ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত সৰ্বসাধাৰাৰণ ৰাইজৰ লগতে পৰ্যটক, ছাত্ৰ-ছাত্ৰীৰ যাতায়ত সূচল হোৱাৰ উপৰি গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ ক্ষেত্ৰতো উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে । বিধায়ক গৰাকীয়ে লগতে ভৱানীপুৰ- সাউদৰভিঠা সংযোগী পথটো এটা সপোনৰ পথ । এই পথটো ভৱানীপুৰ সমষ্টিৰ হৃদপিণ্ড । এই পথেৰে দেশী বিদেশী পৰ্যটক অহা যোৱা কৰে । দীৰ্ঘদিন ধৰি পথটো জৰাজীৰ্ণ হৈ আছিল । বিধান সভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা উন্নয়নৰ অৰ্ধশতাধীক চুক্তিৰ ভিতৰত সাউদৰভিঠা- মানাহ সংযোগী পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । আজি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিশ্ৰুতি অনুযায়ী ১৯টা চুক্তি সম্পন্ন কৰিলে । ইয়াৰ ভিতৰত সাউদৰভিঠা- মানাহ সংযোগী পথ নিৰ্মাণ, ভৱানীপুৰ আৰু শালবাৰী কলেজত বিজ্ঞান শাখা, ভৱানীপুৰ সমষ্টিৰ ৭ খন শংকৰদেৱ শিশু নিকেতনলৈ আন্তগাথনিৰ বাবে ১০ লাখকৈ টকাৰ অনুদান, ভৱানীপুৰ ব্লক কাৰ্যালয় স্থানান্তৰ, পহুমৰাৰ মথাউৰি নিৰ্মাণ , পুথিমাৰিত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন কৰাকে ধৰি ১৯ টা চুক্তি সম্পন্ন কৰি প্ৰতিশ্ৰুতি পুৰণ কৰাৰ কথা উল্লেখ কৰি ভৱানীপুৰ সমষ্টিত উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি মত পোষণ কৰি বিধায়ক তালুকদাৰে । আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত অনুষ্ঠানত লগতে উপস্থিত থাকে বিভাগীয় বিষয়া অশোক দেৱ, দেৱজিৎ ভূঞা, উত্তৰ ভৱানীপুৰ মণ্ডল বিজেপিৰ সভাপতি সঞ্জীৱ নাথ, সাধাৰণ সম্পাদক ত্ৰিদিৱ নাথ, সাউদৰভিঠা যুৱ সংঘৰ সম্পাদক শশধৰ নাথৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।