লখিমপুৰত কেন্দ্রীয় মে-ডাম-মে-ফী

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ নগৰৰ ত্যাগ ক্ষেত্রত কালিৰ পৰা দুদিনীয়া কৈ আয়োজন কৰা হয় কেন্দ্রীয় মে-ডাম-মে-ফী উৎসৱ।  মে-ডাম-মে-ফী উপলক্ষে সামুহিক বৃক্ষ ৰোপণ, বান ফি পূজা, ডাম ফী, পতাকা উত্তোলন, মৈদাম তৰ্পণ, খেল-ধেমালি, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়। আজি পূৱা ডাম ফি আৰম্ভ হোৱাৰ পিছত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে। চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ড০ অমৰেন্দ্ৰ গগৈয়ে। আহোম সকলৰ পূৰ্বপুৰুষৰ প্ৰতিকী মৈদাম তৰ্পণ কাৰ্য্য সূচীৰ শুভাৰম্ভ কৰে নৃপেন ফুকনে। পৰম্পৰাগত খেল ধেমালিৰ পিছতে অনুষ্ঠিত হোৱা মুকলি সভা খনত সভাপতিত্ব কৰে দণ্ডী তামুলী ফুকনে। মে-ডাম-মে-ফীৰ বিভিন্ন কাৰ্য্যসূচীত অংশগ্রহণ কৰি বিশিষ্ট ব্যক্তিসকলে পূৰ্বপুৰুষৰ অসম তথা অসমীয়া জাতি গঠন ৰ অৰিহণা, কৰ্মৰাজি স্মৰণ কৰি তেওঁ লোকলৈ শ্ৰদ্ধা নিবেদন কৰে। আহোমসকলৰ পূৰ্বপুৰুষৰ স্মৃতি তৰ্পণৰ এই উৎসৱ উপলক্ষে পৰম্পৰাগত সাজ সজ্বা, ৰীতি-নীতিৰে ত্যাগ ক্ষেত্র মুখৰ হৈ পৰে।