পলাশবাৰীত বিহু চাই থাকোঁতে নৈত পৰি নিখোজ যুৱক

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ সাপৰটাৰী সাতঘৰীয়া পাৰাত (পাৰঘাটত) যোৱানিশা বিহু চলি থকা সময়তে ঘটে এক অঘটন৷ কলহী নদীত পৰি সন্ধানহীন হয় ছয়গাঁৱৰ ঢ়েকেনাবডীৰ মহেশ কলিতা নামৰ এজন যুৱক৷ নৈত পৰাৰ লগে লগে যুৱকজনৰ ভাতৃয়ে বচোৱাৰ চেষ্টা কৰে যদিও নদীৰ বুকুত সন্ধানহীন হৈ পৰে মহেশ কলিতা নামৰ যুৱকজন৷

খবৰ পোৱা মাত্রে ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষী৷ কালি পুৱা উদ্ধাৰ অভিযানত নামি পৰে এছ ডি আৰ এফৰ এটি দলে৷ জানিব পৰা মতে, যোৱানিশা সাপৰটাৰী পাৰঘাটত বিহু চলি থকাৰ সময়তে লগৰীয়াৰ সৈতে বিহু চাই থকা সময়তে অঘটনটো সংঘটিত হয়৷ যুৱকজন কেনেকৈ নৈত পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে বাতৰি লিখা পৰলৈ যুৱকজন উদ্ধাৰ হোৱা নাই৷