৩১ গৰাকী যাত্ৰা শিল্পীক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ চীনৰ য়ুহান চহৰত প্ৰাদুৰ্ভাব ঘটা মাৰাত্মক কৰোনা ভাইৰাছে বিশ্বৰ বিভিন্ন দেশত মহামাৰি ৰূপ ধাৰণ কৰাৰ লগতে ভাৰততো সংক্ৰমিত হোৱাত যোৱা মাৰ্চ মাহতে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশত লকডাউন দিছিল । যাৰ ফলত দেশত জৰুৰী সেৱাৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ হৈ পৰে । উল্লেখ্য যে কৰোনা মহামাৰীৰ বাবে এইবাৰ দুমাহ আগতেই নামনি অসমৰ যাত্ৰাদল সমূহৰ নাট প্ৰদৰ্শন বন্ধ হৈ পৰিছিল ৷ যাৰ বাবে যাত্ৰা দল সমূহৰ শিল্পী,ক’লা কুশলীৰ লগতে প্ৰযোজক সকল বহুত লোকচানৰ সন্মুখীন হবলগা হৈছে ৷ সম্প্ৰতি কৰোনাৰ সংক্ৰমণ ৰোধ নোহোৱাৰ ফলত এইবৰ্ষত যাত্ৰা দল সমূহে নাট প্ৰদৰ্শন কৰা নকৰাটো এতিয়াও অনিশ্চয়তাৰ গৰ্ভত ৷ যাৰ বাবে যাত্ৰাৰ শিল্পী,ক’লা কুশলীৰ লগতে প্ৰযোজক সকলে চৰম অনিশ্চয়তাত দি কটাবলগীয়া হৈছে ৷ এতিয়ালৈকে যাত্ৰাৰ শিল্পী সকলে চৰকাৰৰ পৰা কোনো সহায় সাহায্য লাভ কৰা নাই ৷

তাৰ মাজতেই আজি ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ ৩১ গৰাকী শিল্পী আৰু ক’লা কুশলীক খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ বিধায়ক গৰাকীয়ে আজি প্ৰেৰণ কৰা ৩১ টা খাদ্য সামগ্ৰীৰ টোপোলা ছয়গাঁৱৰ আৰাধনা নাট্য দলৰ আখৰা গৃহত নাট্য দলটোৰ প্ৰযোজক দেবেশ্বৰ তালুকদাৰ আৰু বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাসে শিল্পী আৰু ক’লা কুশলী সকলৰ মাজত বিতৰণ কৰে ৷ খাদ্য সামগ্ৰীৰ টোপোলাত ৫ কিলো চাউল,তিনি কিলো মচুৰ দাইল,তিনি কিলো চেনী,তিনি কিলো চিৰা আৰু তিনি কিলো বুট দিয়া হয় ৷

আনহাতে অতিশীঘ্ৰে বিধায়ক গৰাকীয়ে ছয়গাঁৱৰ এই সকল শিল্পী আৰু ক’লা কুশলী সকলক আৰ্থিক সাহায্যও প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ বিধায়ক ৰেকিবুদ্দিন আহমেদে যাত্ৰা পাৰ্টীৰ শিল্পী তথা কলা কুশলী সকলক এই সাহায্য সামগ্ৰী খিনি প্ৰেৰণ কৰাত উপস্হিত থকা শিল্পী তথা কলা কুশলীয়ে বিধায়ক গৰাকীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে ।