মৰিয়নী ফুটবল লীগৰ উদ্বোধনী খেল ড্ৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ মৰিয়নী ক্ৰীড়া সন্থাৰ উদ্যোগত ইয়াৰ বাপুজী ষ্টেডিয়ামত নগেন বৰা সোঁ‌ৱৰণী মৰিয়নী ফুটবল লীগ আজিৰে পৰা আৰম্ভ হৈছে । ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে ফুটবল খেলসমূহ নিৰ্দ্ধাৰিত সময়তকৈ পলমকৈ অনুষ্ঠিত কৰা হৈছে । আজি উদ্বোধনী খেলখন খ্ৰীষ্টজ্যোতি ক্লাব আৰু মৰিয়নী ফুটবল ক’চিং চেন্টাৰৰ মাজত ১ – ১ গ’লত অমীমাংসিত হৈ ৰয় । বহুদিনৰ বিৰতিৰ মূৰত আজি বাপুজী ষ্টেডিয়ামত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰম্ভণিৰেই পৰাই দুয়োদলে আক্ৰমণ – প্ৰত্যাক্ৰমনেৰে ভৰপূৰ এখন খেল উপহাৰ দিয়ে যদিও দুৰ্বল ফিনিছিঙৰ বাবে অধিক গ’লৰ মুখ দেখা নাপালে । খেলৰ ২১ মিনিটত ফুটবল ক’চিং চেন্টাৰৰ অবিনাশ তাঁ‌তীয়ে এটা গ’ল দি দলক আগুৱাই নিয়ে যদিও দ্বিতীয়াৰ্দ্ধৰ ৭ মিনিটত ক্ৰীষ্টজ্যোতিৰ হৈ জুৱেল নায়কে গ’লটো পৰিশোধ কৰে ।

নিৰ্দ্ধাৰিত সময়ত খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰয় আৰু দুয়ো দলে সমানে পইন্ট ভগাই লয় । খেলখন পৰিচালনা কৰে – প্ৰাঞ্জল পাওগাম, মৃগন্ত হাজৰিকা, এণ্ডিয়াছ তাঁ‌তী আৰু মিকু পাওগামে । ইয়াৰ পূৰ্বে মৰিয়নী ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ ক্ৰীড়া সংগঠক- মৰিয়নী ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক প্ৰদীপ মজুমদাৰে ।

আনহাতে, দীপেন দাসে আঁ‌ত ধৰা চমু উদ্বোধনী অনুষ্ঠানত প্ৰতিযোগিতাখন উদ্বোধন কৰে মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ দত্তই ।