মৰিগাঁৱৰ কছাৰীবড়ীত মদ-ড্ৰাগছ-জুৱা-তীৰ-বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা,৬ ফেব্ৰুৱাৰী :- মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত কছাৰীবড়ী দৈনিক বজাৰত স্হানীয় সচেতন ৰাইজৰ উদ্যোগত বৰ্তমান সমাজত চলি থকা ড্ৰাগছ, মদ, ভাং, জুৱা, তীৰ, ছাইবাৰ ক্ৰাইম আৰু বাল্য বিবাহ আদিৰ বিৰূদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাটি সঞ্চালনা কৰে কছাৰীবড়ী পঞ্চায়তৰ প্ৰাক্তন সভাপতি হজৰত আলীয়ে। উদ্দেশ্য বাখ্যা কৰে প্ৰাক্তন সভাপতি ছফিকুল ইছলামে। আদৰণি পৰ্বৰ আঁত ধৰে ছাদ্দাম হুছেইন আৰু নেৱাজ আলীয়ে।সভাত মূখ্য অতিথি হিচাপে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ লগতে আমন্ত্রিত অতিথি হিচাপে বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰো উপস্থিত থাকে। সজাগতা সভাত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিধায়কে বাল্য বিবাহ আৰু ড্ৰাগছৰ ওপৰত বিস্তাৰিত ভাৱে ব্যক্তব্য ৰাখে। সজাগতা সভাত ২১ জনীয়া সদস্যক এখন দূৰ্নীতি নিবাৰক সমিতি গঠন কৰা হয়।এই দুৰ্নীতি নিবাৰক সমিতিখনক উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিধায়কে চহী কৰি অনুমোদন জনায়। সভাত বহু সংখ্যক স্হানীয় সচেতন ব্যক্তি সকলৰ লগতে ৰাইজ উপস্থিত আছিল।