নগাঁৱত জাকে জাকে বনৰীয়া হাতী ভৈয়ামলৈ নামি অহি চলাইছে তাণ্ডব

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ আৱাসস্থলী আৰু প্ৰয়োজনীয় খাদ্যৰ অভাৱত পৰি বনাঞ্চলৰ পৰা জাকে জাকে বনৰীয়া হাতী ভৈয়ামলৈ নামি অহি তাণ্ডব চলাইছে। শেহতীয়াকৈ হাতী-মানুহৰ সংঘাতে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাত। জাকে আৰু বনৰীয়া হাতীৰ জাকে নগাঁও জিলাৰ বিভিন্ন অঞ্চললৈ নামি আহি তাণ্ডৱ অব্যাহত ৰাখিছে। বন্যহস্তীৰ জাকে ইখনৰ পাছত সিখনকৈ শালি ধানৰ পথাৰত প্ৰৱেশ কৰি ধান খাই,গচকি,মোহাৰি ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বহু লোকৰ বাসগৃহও ভাঙি ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে। পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে কঠালগুৰি, গেন্ধালী, ভকতগাঁও, শিঙিয়া, ভৰাগুৰি, পদুমণি,চামগাঁও,গেন্ধালী বেবেজীয়া,হাঁহচৰা ভৰালী গাঁও, হাতীখলি,ফুটলঝাৰ, সুঁতিৰ পাৰ,কঠিয়াতলী, কামপুৰ জিলাখনৰ ঘোগ জলাহ, চুতীয়া গাঁও, কন্দলী, ননৈ, কচুপিট, নৈপাম, তুলসীমুখ, পালেংতলী, উদমাৰী, শালনা, ৰঙাগড়া, বামুণী, চাপানলা, শিলঘাট, চামধৰা, বালিটিকা, সোণাৰী কামাখ্যা গাঁও, হাতীমূৰা, দলগাঁও, বামুণীকে ধৰি বিভিন্ন অঞ্চলত তাণ্ডৱ অব্যাহত ৰাখিছে। ফলত সংশ্লিষ্ট অঞ্চলৰ ৰাইজে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে। শালি ধানৰ খেতি বন্যহস্তীৰ জাকে বিনষ্ট কৰাত কৃষক ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে। তাৰোপৰি,বন্যহস্তীৰ জাকে সংশ্লিষ্ট অঞ্চলৰ বহু লোকৰ ঘৰ দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে। বন্যহস্তীৰ জাক সমূহক পাহাৰলৈ খেদি পঠিওৱাত সফল হ’ব পৰা নাই নগাঁৱৰ বন বিভাগে।