নৰেশ কলিতালৈ সংবাদ সূৰ্য বঁটা নলবাৰী জিলা সাংবাদিক পৰিষদৰ

🔸 মাধুৰ্য বৰা-দ্বীপেন ডেকালৈ সংবাদ প্ৰহৰী বঁটা
🔸 কমলেশ শৰ্মা-ৰমেন কলিতাক সংবাদ সৌৰভ বঁটা
নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ সদৌ অসম সাংবাদিক পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২০০০ চনত ভূমিষ্ঠ হোৱাৰ পিছত কেইবাটাও সমাজমুখী কাম কৰি আহিছে। সম্প্ৰতি প্ৰথম বাৰ্ষিক বিশেষ অভিৱৰ্তন অনুষ্ঠিত কৰাৰ যো জা চলাইছে সংগঠনটোৱে। তদুপৰি সাংবাদিক পৰিষদৰ জিলা সমিতিয়ে অভিৱৰ্তন উপলক্ষে সমাজ তথা সংবাদ ক্ষেত্ৰলৈ অৰিহণা যোগোৱা বিশিষ্ট ব্যক্তি আৰু সাংবাদিক এচামক বঁটা প্ৰদানেৰে প্ৰেৰণা যোগাব বিচাৰিছে। আজি এক বিবৃতিত বঁটাসমূহ ঘোষণা কৰে। উল্লেখ্য যে নলবাৰীত হবলগীয়া আগন্তুক জিলা বিশেষ অভিৱৰ্তনৰ স্মৰণিকাৰ সভাপতি ডঃ সুশান্ত কুমাৰ কাশ্যপ, সম্পাদক ডঃ বিনয় কুমাৰ মজুমদাৰ, মুখ্য আহ্বায়ক প্ৰিয়ংকু নাৰায়ণ বৰুৱা, সভাপতি ৰূপক বৈশ্য, মুখ্য সম্পাদক প্ৰাঞ্জল শৰ্মা, যুটীয়া সম্পাদক জয়ন্ত ডেকা, ৰূপম তালুকদাৰ, সহঃ সম্পাদক হেমন্ত কলিতা, প্ৰাণজিৎ চক্ৰৱৰ্তীয়ে ঘোষণা কৰা মতে ২২ ছেপ্টেম্বৰত নলবাৰী নাট্যমন্দিৰত সাংবাদিক পৰিষদ জিলা সমিতিৰ উদ্যোগত আয়োজিত বিশেষ অভিৱৰ্তনত দিবলগা বঁটাসমূহ সংবাদ সূৰ্য বঁটা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক, সংবাদ প্ৰহৰী বঁটা অসম বাৰ্তা কাকতৰ সম্পাদক মাধুৰ্য বৰা, সাপ্তাহিক ন লখিমী কাকতৰ সম্পাদক দ্বীপেন ডেকাক, সংবাদ সৌৰভ বঁটা জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা, ৰমেন কলিতাক, সংবাদ সাধনা বঁটা ব্ৰজেন তালুকদাৰক, সাহিত্যিক বঁটা ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যক, শিক্ষাবিদ বঁটা ড: বীৰেণ কুমাৰ চক্ৰৱৰ্তীক, শৈক্ষিক বঁটা ড: শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাক, কৃতী শিক্ষক বঁটা অমূল্য দাসক, সমাজৰত্ন বঁটা ৰবীন মিশ্ৰ, শৈলেন্দ্ৰ নাথ শৰ্মা, হিৰণ্য গোস্বামী, গৌতম  ভট্ট, শান্তনু কলিতাক, সমাজজ্যোতি বঁটা প্ৰশান্ত কুমাৰ ডেকা, দিলীপ কুমাৰ শৰ্মাক সমাজসেৱক বঁটা প্ৰশান্ত কুমাৰ ডেকা, বিজয় বৰুৱা, নলিনী কান্ত শীল, দ্বীপেন কলিতা, কনকেশ্বৰ দাস, আৰতি বৈশ্য, মঞ্জু বৈশ্য, ৰেণু কুমাৰী পাঠক, মানৱসেৱক বঁটা মজিবুৰ ৰহমানক, সাহিত্যসেৱী বটাঁ অৰ্জুনসেন ডেকা, উমেশ শৰ্মা, ৰেখা বৰ্মন, বিপিন চন্দ্ৰ কলিতাক, কাব্য বঁটা অনুপ দত্ত, পাৰুল দেৱী গোস্বামী, অঞ্জলি দত্ত, ডেইজী তালুকদাৰ, মৃদুস্মিতা বৰুৱা মেধি, অনুপমা মজুমদাৰক, ক্ৰীড়াবিদ বঁটা বিকাশ ভট্ট, ক্ৰীড়া সংগঠক বঁটা ৰাতুল গোস্বামীক, শিল্পী বঁটা সুকন্যা গোস্বামী, মিনু দেৱীক, সাস্কৃতিক কৰ্মী বঁটা সুনিল দাসক, নাট্যশিল্পী বঁটা ধ্ৰুৱজ্যোতি শৰ্মা, সমৰেন্দ্ৰ বৰ্মনক, মানৱদৰদী চিকিৎসক বঁটা ডা: অভিজিৎ শৰ্মা, বিশিষ্ট চিকিৎসক বঁটা ডা: ভূৱনেশ্বৰ দত্ত, ডা:অৰুণ বৰ্মন, ডা:নিপুল মহন্ত, ডা: কামেশ্বৰ লহকৰ, ডা: অভিজিৎ পাটোৱাৰীক, উদ্যোগী বঁটা অৰূপ শৰ্মা আৰু সৌৰভ তালুকদাৰক প্ৰদান কৰাৰ লগতে আদৰ্শ কৃষক বঁটা বাপুকন ৰাজবংশীক প্ৰদান কৰা হব।উল্লেখ্য যে উক্ত অনুষ্ঠানতে ড: উপমা বৰ্মন ডেকাক “সাহিত্য মহিয়ান সন্মান” প্ৰদান কৰা হব।ইফালে শিল্পী বঁটা, সাংস্কৃতিক কৰ্মী বঁটা, নাট্যশিল্পী বঁটা, উদ্যোগী বঁটা নিশাৰ সাস্কৃতিক অনুষ্ঠানৰ পূৰ্বে প্ৰদান কৰা হব বুলি সমিতিয়ে জনাইছে।
প্ৰেৰক প্ৰাঞ্জল  শৰ্মা
Featured