কাৰ্বি আংলঙৰ কাংথিলাংছ’ জলপ্ৰপাতলৈ যোৱাৰ নতুন পথ নিৰ্দেশনা

বিশেষ বাৰ্তা, ২৪ জুন : কাৰ্বি আংলঙৰ ডেনগাঁও বজাৰৰ হাজা ৰংপি গাঁও হৈ পাণজুৰিলৈ যোৱা পথৰ জাংমি বে’ গাঁৱৰ কাঠৰ দলং জৰাজীৰ্ণ হৈ পৰাত সাময়িকভাৱে বন্ধ ৰখা হৈছে সেই পথ। তাৰ পৰিৱৰ্তে বিকল্প পথ হিচাপে ডেনগাঁও বজাৰৰ পৰা অ’ন বে’ গাঁও হৈ বিথিলাংছ’-পাণজুৰি হৈ পৰ্যটকসকলে কাংথিলাংছ’লৈ যাব পাৰিব। কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। বিশ্ব বেংকৰ আৰ্থিক অনুদানেৰে আছাম ৰিচিলেন্ট ৰুৰেল ব্ৰীড্জ প্ৰগ্ৰেম প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব নতুন আৰ চি চি দলং। ইতিমধ্যে ইয়াৰ নিবিদা প্ৰক্ৰিয়া সম্পন্ন হৈছে। লোক নিৰ্মাণ বিভাগৰ ডকমকা পথ সংমণ্ডল কাৰ্যালয়ৰ বিষয়াই গোলাপ ক্ৰ’ই ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক আহ্বান জনায় যাতে লোক নিৰ্মাণ বিভাগে নিৰ্দেশনা জাৰী কৰা নতুন পথক কাংথিলাংছ’ জলপ্ৰপাতলৈ যোৱাত বিকল্প পথ হিচাপে ব্যৱহাৰ কৰে। নতুন পকী দলং নিৰ্মাণ কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত এই পথত সকলো ধৰণৰ যাতায়ত বন্ধ থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কাৰ্বি আংলঙৰ সুউচ্চ সেউজীয়া পাহাৰৰ পৰা নামি অহা ৰূপোৱালী জলধাৰা মনোমোহা কাংথিলাংছ’ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আন আন স্থানৰ পৰ্যটকসকলেও ভিৰ কৰা পৰিলক্ষিত হৈ আহিছে। জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত চৰকাৰে আৰ চি চি দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাত স্থানীয় লোকৰ লগতে উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল ।
প্ৰেৰক ৰাজু কাঠাৰ
Featured