কোনো কাৰণতে বিজেপিক এৰি নিদিয়ে ভৱানীপুৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ   অসম আন্দোলনৰ প্রথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ স্মৃতি বিজডিত ৪১নং ভৱানীপুৰ বিধানসভা সমষ্টি এইবাৰ কোনো কাৰণতে বিজেপিক এৰি নিদিয়াৰ হুংকাৰ দিছে সমষ্টিটোৰ দলীয় নেতা কর্মীয়ে৷ দেওবাৰে বজালীৰ ভৱানীপুৰ সমষ্টিৰ পুঠিমাৰীত অনুষ্ঠিত অগপৰ বিধান পৰিষদৰ এক বৈঠকত এই সিন্ধান্ত গ্রহণ কৰা হয়৷ এনে এক প্রেক্ষাপটতে এতিয়া বিশেষভাৱে আকর্ষণীয় হোৱাৰ দিশলৈ আগবাঢ়িছে ভৱানীপুৰ সমষ্টিৰ নির্বাচনী প্রেক্ষাপট৷ দেওবাৰে অনুষ্ঠিত অগপৰ বিধান পৰিষদৰ সভা অনুসৰি অসম আন্দোলনৰ প্রথম শ্বহীদৰ স্মৃতি বিজাড়িত ভৱানীপুৰ সমষ্টি যোৱাবাৰ বিজেপিক এৰি দিয়া হৈছিল যদিও এইবাৰ এৰি দিয়া নহ’ব৷ যিকোনো মূল্যৰ বিনিময়ত বিজেপিয়ে সমষ্টিটো এৰি দিব লাগিব অগপক৷ ইয়াৰ অন্যথা মানি নল’ব অগপ অথবা সমষ্টিৰ ভোটাৰ ৰাইজে৷ বজালীৰ পুঠিমাৰীত প্রাক্তন অগপ বিধায়ক তথা অগপৰ বজালী জিলা সমিতিৰ সভাপতি মনোৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত ভৱানীপুৰ অগপৰ বিধান পৰিষদৰ বৈঠকত প্রাক্তন বিধায়ক দাসৰ উপৰি সমষ্টিটোৰ প্রভাৱশালী অগপ নেতা তথা টিকটৰ অন্যতম দাবীদাৰ বিপুল কৃষ্ণ দাসে কোনো কাৰণতে ভৱানীপুৰ সমষ্টি বিজেপিক এৰি দিয়া নহ’ব বুলি স্পষ্টভাৱে প্রকাশ কৰে৷ ইয়াৰ অন্যথা মিত্রজোঁটে ভৱানীপুৰ সমষ্টিত যোৱাটো নির্বাচনৰ দৰে এইবাৰো জয়ী হোৱাৰ কোনো আশা নাই বুলি প্রকাশ কৰে৷ আজিৰ গুৰুত্বপূর্ণ সভাখনত অগপ নেতা প্রাণজিৎ দাস, মৃণাল কলিতা, যোগেন বর্মন, শৰৎ ডেকা, ফণী শর্মাকে ধৰি বিধান পৰিষদৰ ৭২গৰাকী নেতা–কর্মীয়েই আজি এনে স্থিতিত অটল থাকে৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত বিজেপিৰ মনোজ বৰুৱাই ভৱানীপুৰত মিত্রজেজাটৰ প্রার্থিত্ব লাভ কৰি নির্বাচন খেলিছিল যদিও তেওঁ বিফল হৈছিল৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নামো এইবাৰ উত্থাপিত হৈছে ভৱানীপুৰ সমষ্টিত৷ সম্প্রতি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক ভৱানীপুৰ সমষ্টিত অধিক তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে৷ এনে ক্ষণত বজালী অগপৰ সভাপতি তথা প্রাক্তন অগপ বিধায়ক মনোৰঞ্জন দাসৰ একেই হুংকাৰ যে যোৱাবাৰ যি হ’ল হ’ল, ভৱানীপুৰ এইবাৰ কোনো কাৰণতে এৰি দিয়া নহ’ব বিজেপিক৷ ইতিমধ্যে অগপ নেতৃত্বক বিষয়টো সন্দর্ভত স্মাৰক–পত্রও দিয়া হৈছে বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে অগপ কর্মীসকলে৷