এখন হাতেৰে জীৱন জিনাৰ সপোন দেখিও থমকি ৰৈছে চুচে টাইদ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ লখিমপুৰ জিলাৰ ঘুনাসুতীৰ পুৱ তেলে গাওঁ পঞ্চায়তৰ ৰৌমাৰী কঢ়া চাপৰিৰ চুচে টাইদ ( ১৬ ) নামৰ ষোড়শী যুৱতী গৰাকীয়ে এখন হাতেৰেই জগত জিনাৰ সপোনক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ ঠিয় দিছে পংগুত্ব আৰু  আৰ্থিক দৈন্যতাই  ৷ জন্মতে শৰীৰৰ প্ৰতিটো অংগ লৈয়েই জন্ম হোৰা চুচেৰ জীৱন বিষাক্ত কৰা অভিসপ্ত ঘটনাটো সংঘটিত হৈছিল মাত্ৰ তিনি বছৰমান বয়সতে ৷ৰৌমাৰী কঢ়া চাপৰিৰ দুখীয়া কৃ‌ষক পৰিয়াল দীননাথ টাইদ আৰু শ্ৰীমতী টাইদৰ তৃতীয় সন্তান চুচে আছিল অতিকে মৰম লগা ৷

চুচেই জীৱনৰ সংজ্ঞা কি বুজি নোপোৱা বয়সতে এজন ককায়েকৰ সৈতে ওমলি থাকোতেই ঘটিছিল সেই দুৰ্ঘটনাতো ৷ সৰু ককায়েকে এখন বাইচাইকেলৰ কেৰিয়াত বহোৱাই ঘুৰাই ফুৰোঁতে হঠাৎ পিচলি পৰা চুচেই বাঁওহাতত আঘাত পাই যদিও দুৰ্ভগীয়া মাক দেউতাকে অৰ্থৰ অভাৱত  ডাক্তৰৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে ঘৰুৱা চিকিৎসাতহে মগ্ন হয় ৷ কবিৰাজী বন দৰব বান্ধি কণমানি চুচেৰ বাঁও হাতখন অকামিলা কৰাৰ পিছতহে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তেতিয়ালৈ বহুত পলম হোৱাত চিকিৎসকে চুচেৰ হাতখন কাটি পেলোৱাৰ বাদে বিকল্প নাছিল ৷ সেই ফুল কুমলীয়া বয়সতে এখন হাত হেৰুৱাইও থমকি ৰোৱা নাছিল ৰাংঢালী কিশোৰী গৰাকী ৷ এখন হাতেৰেই জীৱন যুঁজৰ পাতনি মেলা চুচেই আজি সকলো দিশতে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷ পঢ়া শুনা, খৰি কটা, নাচ-গান, খেলা-ধূলা সকলো দিশতে আগৰণুৱা চুচেই এইবাৰ বৰ্ষামূখ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত  উৰ্ত্তীণ হৈ ঘুণাসুতী মিৰি জীয়াৰী কলেজত নাম ভৰ্ত্তি কৰিছে