ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আকৌ ওলাল বনৰজা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰ:   ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আজি পুনৰ বনৰজাই জন অৰণ্যত প্ৰৱেশ কৰি ৭টাকৈ পশুধন চিকাৰ কৰি আতংকিত কৰিছে দলগাৱৰ শিলবড়ি সহ উদ্যান সংলগ্ন গাঁৱত। ওৰাঙৰ পৰিসীমা বৃদ্ধিৰ লক্ষ্যৰে বনৰজা এনেদৰে বাৰে বাৰে ওলাই অহাকলৈ এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। লক্ষনীয় যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৪ দিন পূৰ্বে ওলাই অহা বনৰজাই ত্ৰাস সৃষ্টি কৰাৰ লগতে এটি কিশোৰকো আক্ৰমণ কৰিছিল। কিন্তু দলগাঁৱৰ ২ নং আৰু ৩ নং কছাৰীভেটি টোপ গাঁৱত আজি পুনৰ প্ৰৱেশ কৰি ৭ টাকৈ পশুধন চিকাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন সমগ্ৰ এলেকাত মুক্ত বিচৰণ কৰি অহা বাঘটোকলৈ খোদ বনবিভাগেই এতিয়া নিৰুপায়ত পৰিছে। তাৎপৰ্যপূৰ্ণ যে বিগত দেওবাৰে ২নং কছাৰীভেটিটোপত বাঘে এটি কিশোৰক আক্ৰমণ কৰাৰ পাছত গুৰুতৰভাৱে আহত কিশোৰটি জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল।বাঘটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ইমৰান ফৰহাদ নামৰ ১৪ বছৰীয়া ছাত্ৰজন বিপদমুক্ত যদিও আকৌ আক্ৰমণৰ বলি হব নেকি ৰাইজ সেইলৈ চৰ্চা চলিছে। লক্ষনীয় যে, ৪ দিন পূৰ্বে কছাৰীভেটি টোপত আক্ৰমণ কৰা বাঘটোক উক্ত ঘটনাৰ পিছত বন বিষয়া কৰ্মীয়ে বাঘ টোক উদ্যান খনলৈ ওভতাই পঠিয়াব সক্ষম হৈছিল। কিন্তু আজি পুনৰ উদ্যানৰ পৰা ওলাই আহি বাঘটোৱে দাঁতি-কাষৰীয়া গাঁৱত চলায় সন্ত্ৰাস। শিলবড়িৰ সমীপৱৰ্তী ২ নং আৰু ৩ নং কছাৰী ভেটিটোপ গাঁৱত আজি পুৱাতে এটা ভেৰা ছাগলী সহ গৰু চিকাৰ কৰে। ইয়াৰ পাছত আকৌ বাঘটোৱে। বাঘটোৰ আক্ৰমণত আবেলি ৪ বজালৈ নিহত হৈছে ৭টাকৈ পশুধন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাৰে বাৰে ওলাই অহা বাঘটোৱে এতিয়া ইয়াৰ পৰিসীমা বৃদ্ধিত নামি পৰা পৰিলক্ষিত হৈছে। যাৰবাবে, নিৰুপায়ত পৰিছে বন বিভাগ। আজিও আৰক্ষী প্ৰশাসনে সন্ধান কৰি আক্ৰমণকাৰী বাঘটো পুনৰ উদ্যানলৈ ঘূৰাই পঠিয়াবলৈ অশেষ চেষ্টা কৰি আছে। কিন্তু বাতৰি লিখাৰ পৰলৈ সফল হব পৰা নাই।