ধুবুৰীত সন্দেহজনক যুৱকক আটক আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ যোৱাকালি ধুবুৰী চহৰৰ মেজিষ্ট্ৰেট কলনিত সন্দেহজনকভাৱে ঘূৰি-ফুৰা অৱস্থাত দুজনকৈ যুৱকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, চৰকাৰী মেজিষ্ট্ৰেটৰ আৱাসথলী পৰিচিত সেই অঞ্চলত কৰ্মৰত একাংশ শ্ৰমিকক এগৰাকী মেজিষ্ট্ৰেটৰ বিষয়ে খা-খৱৰ লৈছিল যুৱকদ্বয়ে। মেজিষ্ট্ৰেট কলনিৰ নিৰাপত্তাৰ দায়িত্বত থকা গৃহৰক্ষী বাহিনীৰ এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আব্দুল মোন্নাফ শেখ আৰু আমিৰুল হ’ক নামৰ সেই যুৱক দুজনক। ধৃত সেই যুৱকদ্বয়ৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ থানা এলেকাৰ পানবাৰী অঞ্চলত বুলি প্ৰকাশ। অৱশ্যে কি উদ্দেশ্যেৰে যুৱক দুগৰাকী ধুবুৰীৰ মেজিষ্ট্ৰেট কলনীলৈ আহিছিল অথবা কলনীটোৰ চৰকাৰী আৱাসত বাস কৰা এগৰাকী মেজিষ্ট্ৰেটৰ বিষয়ে কিয় খা-খবৰ লৈছিল সেয়া এতিয়ালৈ স্পষ্ট নহয় যদিও আৰক্ষীৰ অনুসন্ধানত সেয়া উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured