বেকাজানত অবৈধ চুলাই ভাটি উচ্ছেদ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বেকাজান আৰক্ষীয়ে কালি অসম-নাগালেণ্ড সীমান্তৰ ৩৬ ঘৰীয়া গাঁৱত অভিযান চলাই দুটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বেকাজান ৩৬ ঘৰীয়া গাঁৱৰ টংক চুতীয়া আৰু নৱজিত চুতীয়া নামৰ লোক দুজনে ঘৰতে দীৰ্ঘদিনৰ পৰা বৃহৎ চুলাই ভাটি গঢ়ি তুলি বিক্ৰী কৰাৰ লগতে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আছিল। এই চুলাই ভাটিত একাংশ যুৱকে দিনতে সুৰাপান কৰি অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিবেশ বিনষ্ট কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছিল।

কালি আৰক্ষীয়ে অভিযানত নৱজিৎ চুতীয়া আৰু টংক চুতীয়াৰ ঘৰত জমা কৰি ৰখা কেইবাশ লিটাৰ মদ নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰা সামগ্ৰী জব্দ কৰে। উল্লেখযোগ্য যে বৰহোলাৰ চুলাই কাণ্ডৰ পিছত ছমাহ মান অবৈধ সুৰা বেপাৰ কমিছিল যদিও তিতাবৰ মহকুমাৰ আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বাবে পুনৰ বেকাজান অঞ্চলত সুৰাৰ ঘাটি গঢ়লৈ উঠিছে।