অশুভ শুভলক্ষ্মী : গুপ্তহত্যাৰ চৰ্দাৰৰে মিলি নাজিৰাত অবাধ লুণ্ঠন

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ তদানীন্তন মহকুমা আৰক্ষী বিষয়া তথা বনকৰা আদিবাসী মহিলাক বৰ্বৰ অত্যাচাৰেৰে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ জোৱাৰ তোলা শুভলক্ষ্মী দত্তক বিচাৰি শিৱসাগৰ আৰক্ষীয়ে আজি দ্বিতীয় দিনাও গুৱাহাটীত বাহৰ পাতি অব্যাহত ৰাখিছে অভিযান৷ ২৪ ঘন্টাৰ পুৰ্বে এক ৰহস্যজনক পৰিস্থিতিত শিৱসাগৰ আৰক্ষীৰ বেহু ফালি গুৱাহাটীৰ বতাহত মিলি যোৱা বিতৰ্কিত-অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ সন্ধান অদ্যপৰিমিত লাভ কৰা নাই শিৱসাগৰ আৰক্ষীয়ে৷ আদিবাসী বনকৰা মহিলা অনিমা প্ৰজাক হত্যাৰ উদেশ্যে শৰীৰত ওতলা গৰম পানী, গোপন অংগত বিহ জলকীয়াৰ ৰহ সানি দি তালিবানী অত্যাচাৰ চলোৱা বিতৰ্কীত আৰক্ষী বিষয়া গৰাকীয়ে আৰক্ষীৰ নাকৰ তলেদি পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পিছতেই আজি পুণৰ শিৱসাগৰ জিলা উত্তাল হৈ পৰিল৷ ক্ষোভত ফাটি পৰা আদিবাসী সংগঠন সমুহে বাগিছাই বাগিছাই অত্যাচাৰী শুভলক্ষ্মীৰ প্ৰতিমু্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে অসম আৰক্ষীৰ ইতিহাসৰ সবাটোতকৈ কলংকৃত আৰু বদনামী বিষয়া হিচাবে পৰিচিত শুভলক্ষ্মী দত্তই নাজিৰা মহকুমা আৰক্ষী বিষয়া হিচাবে খাকি পোচাকৰ আঁৰ লৈ চলাই অহা ভয়ংকৰ অনিয়ম-দুষ্কাৰ্যৰ দষ্টাবেজ পোহৰলৈ আহিব ধৰিছে ৷আৰক্ষী প্ৰশাসনৰ সকলো নীতি নিয়ম- গোপনীয়তা ভৰিৰে মোহাৰি লেডী ডন শুভলক্ষ্মীয়ে মহকুমা আৰক্ষী বিষয়াৰ চৰকাৰী আৱাসৰ পৰাই চলাই আহিছিল শিল-কয়লাৰ বৃহত চিণ্ডিকেট ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহব্বান ভৰিৰে মোহাৰি সু- শাসনৰ নামত গুপ্তঘাতক ৰূপী বিতৰ্কীত ছালফাক লগত লৈ চলাইছিল এই বৃহত চিণ্ডিকেট ৷ অৱৈধ স্বামী ৰূপী গুপ্ত ঘাটকৰ চৰ্দাৰক সন্মুখত ৰাখি নাজিৰা মহকুমাৰ বিহুবৰ আৰু গেলেকী লক্ষ্মীজীনত গঢ়ি তুলিছিল এখন মুকলি চিণ্ডিকেটৰ বজাৰ ৷ ওম প্ৰকাশ, অৰুণ, সুবিৰ, জুনটিৰ লগতে দুগৰাকী বহু বিতৰ্কীত নেতাৰ সহায়ত সংগ্ৰহ কৰিছিল কোটি কোটি টকাৰ কমিচন ৷ইফালে নগালেণ্ডৰ নাগিনীমৰাৰ মোকক চাং, এনাকি বস্তি, তেৰ মাইল, বিশ মাইল,তাংলুং,মৰংলুং ,দুই নং মলং বস্তি, তিনি নং মলং বস্তি,নামচাই, দহ মাইল আদিৰ পৰা প্ৰতিদিনে অহা শ শ কয়লা ভৰ্তি ট্ৰাক নাজিৰা মহকুমাৰ মাজেদি ৰাজ্যৰ আন স্থানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ যায় ৷কিন্তু এই গৰাকী লেডী ডন ৰূপী আৰক্ষী বিষয়াই, সুৰেশ, টনী, বৰগোহাই,ওম প্ৰকাশ, অৰুণ, সুবীৰৰ দৰে বিতৰ্কীত নেতা তথা মাফিয়াক সাৰথি কৰি নিবিঘ্নে চলাই গৈছিল চিন্দিকেটৰ ৰমৰমীয়া বেহা ৷প্ৰতিখন কয়লা ভৰ্তি ট্ৰাকৰ পৰা পাঁচ হাজাৰ টকা আৰু শিল ভৰ্তি ট্ৰাকৰ পৰা দুহেজাৰ টকাকৈ দৈনিক লেডী ডন শুভলক্ষ্মীৰ নামত সংগ্ৰহ কৰিছিল চিন্দিকেত চক্ৰই৷ নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ চৰকাৰী আৱাসক কমিচন সংগ্ৰহৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তুলা এই বিয়াগোম চিন্দিকেট চক্ৰটোৰ আৰঁত যে গুপ্ত হত্যাৰ দৰে জঘন্য নৰ সংহাৰত জড়িত এগৰাকী বিতৰ্কীত প্ৰাক্তন জনপ্ৰতিনিধিৰ হাত আছিল সেইয়া দিনৰ পোহৰৰ দৰেই স্পষ্ট হৈ পৰিছিল ৷ কিয়নো অত্যাচাৰী আৰক্ষী বিষয়া শুভলক্ষ্মীৰ চৰকাৰী আৱাসটোৱেই আছিল কোটি কোটি টকা সংগ্ৰহৰ মূল কেন্দ্ৰ ৷আচৰিত ধৰণে দীৰ্ঘ সময় ধৰি অস্ত্ৰৰ ঝনঝননিৰে উজনিত সন্ত্ৰাস চলোৱা তথা অপৰাধ সাম্ৰাজ্যৰ গুৰুক সাৰথি কৰি শুভলক্ষ্মী দত্ত এণ্ড কোম্পানীয়ে নাজিৰা মহকুমাত চলাই অহা অনিয়মৰ বিৰুদ্ধে অতি ৰহস্যজনক ভাৱে শিৱসাগৰ জিলা প্ৰশাসনেও কিয় ইমানদিনে মৌনতা অৱলম্বন কৰিছিল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৷আন নালাগে বিগত বৰ্ষৰ ১০ মেৰ দিনা লক্ষ্মীজান বাগানৰ কাষতে উল্লেখিত মাফিয়া চক্ৰটোৱে তিনিখন জে চি বি, ডাম্পাৰৰ সহায়ত অৱৈধ ভাৱে সীমান্তৱৰ্তী অঞ্চলটোত শিল খনন কৰি থকা প্ৰতক্ষ্য কৰিছিল সেই স্থানৰ নিৰাপত্তাত নিয়োজিত প্ৰথম অসম পুলিচ বেটেলিয়ানৰ বি অ পিৰ এটা দলে ৷লগে লগে বি অ পিৰ জোৱান সকলে তিনিও খন জে চি বি ঘেৰাও কৰি আৱদ্ধ কৰাৰ পিছতেই গেলেকী আৰক্ষীক খবৰ দিছিল ৷কিছু সময়ৰ পিছতেই গেলেকী অৰক্ষীৰ লগতে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত সেই স্থানত উপস্থিত হয় আৰক্ষী থানাত ফটোৰ সৈতে অভিযোগ দিয়া বি অ পি শিবিৰৰ জোৱান জনক অতি বৰ্বৰ মানসিক নিৰ্য্যাতন চলোৱাৰ লগতে মাত্ৰ ২৪ ঘন্টাতেই গেলেকীৰ পৰা শিলচৰলৈ বদলি কৰোৱাইছিল ৷২০১৯ চনত শিৱসাগৰত কৰ্মৰত হৈ থকাৰ সময়ত নগৰৰ এটা সূদখোৰৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা কৰি একাংশ ব্যৱসায়ীক ব্লেক মেইলিঙৰ পৰিকল্পনাৰ কথা ৰাজহুৱা হোৱাৰ পিছতো ৰহস্যজনক ভাৱে বাছি গৈছিল হাত দীঘল শুভলক্ষ্মী ৷অনুৰূপ ধৰণে দিচাং ঘাটৰ পৰা গেলেকী হৈ নগালেণ্ডলৈ চোৰাং ডিজেল কঢ়িয়াই নিয়া এখন মিনি ট্ৰাক সীমান্তৰ্ৱৰ্তী অঞ্চলটোত আটক কৰি দুজন ব্যক্তিক আটক কৰিছিল ৷আচৰিত যেন লাগিলেও সত্য যে, সকলো তথ্য, প্ৰমাণ লাভ কৰাৰ লগতে এক বৃহত চোৰাং ব্যৱসায়ী চক্ৰৰ সন্ধান লাভ কৰাৰ পিছতো ৰহস্যজনক বুজাবুজিৰ আধাৰত এই ভয়ংকৰ ঘটনাৰ তদন্ত আধাতে বন্ধ কৰি দিয়াৰ কথা তেল চোৰৰ সাম্ৰাজ্যত বিশেষ ভাৱে চৰ্চিত ৷এগৰাকী বহু বিতৰ্কীত ছালফা নেতা তথা গুপ্ত হত্যাৰ চৰ্দাৰৰ আশীৰ্বাদ মূৰত লৈ ওভোতগোৰে নচা শুভলক্ষ্মীৰ কূকৰ্ম ফাদিল আৰু নিলম্বনৰ তথ্য ৰাজহুৱা হোৱাৰ পিছত প্ৰতিবাদৰত দল সংগঠনতকৈ আৰক্ষীৰ সাধাৰণ ভূক্তভোগী নিম্ন পৰ্য্যায়ৰ বিষয়া- জোৱানৰ মাজত অধিক উল্লাহ পৰিলক্ষিত হৈছিল ৷২৪ ঘন্টাই ভয় আৰু আতংকত পাৰ কৰা বহু আৰক্ষী জোৱানে এই খবৰ লাভ কৰি স্বস্তিৰ নিশ্বাস পেলাইছিল ৷উল্লেখ কৰা প্ৰয়োজন যে শুভ লক্ষ্মীৰ ওপৰত আশীৰ্বাদৰ হাত থকা গুপ্ত হত্যাৰ চৰ্দাৰলৈ ভয় কৰি শুভলক্ষ্মীৰ হাতত লাঞ্চিত – অপদষ্ট, চৰ গোৰ খোৱা বহু আৰক্ষী জোৱানে এক মাত্ৰ চাকৰি আৰু জীৱনৰ নিৰাপত্তাৰ বাবেই এতিয়ালৈকে মুখ খোলাৰ পৰা বিৰত আছে ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে বিতৰ্কৰ পিছত বিতৰ্কৰ সুত্ৰপাত ঘটোৱা শুভলক্ষ্মীৰ দৰে বিতৰ্কীত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগেৰে খেদি থকাৰ পিছতো কিদৰে লোভনীয় পষ্টিং- পদোন্নতি লাভ কৰিছিল সেই সন্দৰ্ভদো উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছে ৷শেহতীয়া বাতৰি মতে গুৱাহাটীত এতিয়াও বাহৰ পাতি থকা শিৱসাগৰ আৰক্ষীৰ এটা দলে মহানগৰীৰ কেইবাটাও স্থানৰ লগতে ভঙাগড় অঞ্চলতো বিশেষ ভাৱে নজৰ দি থকাৰ বিপৰীতে আন এটা দল শিৱসাগৰৰ দিশে ৰাওনা হোৱাৰ বাতৰি পোৱা গৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

Featured