বোকাজানত আদিবাসী অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শনিবাৰে বোকাজানত আদিবাসী অধিকাৰ সুৰক্ষা সমিতি আৰু হাট’কাজান খ্ৰীষ্টান ৰিলিজিয়াস মাইন’ৰ’টি এছচিয়েশ্যনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।  দিনৰ প্ৰায় ১১ বজাত বোকাজান মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত সংগঠন দুটাৰ প্ৰায় শতাধিক সদস্যই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ আমাক মাটিৰ পট্টা দিয়ক, অবৈধ ভূমি দখল বন্ধ কৰক, ন’ পট্টা ন’ ৰেষ্ট, স্বায়ত্ত পৰিষদৰ অত্যাচাৰ নচলিব, তুলিৰাম ৰংহাং মুৰ্দাবাদ, মাধুৰ্য ঢেকিয়াল ফুকন মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে নগালেণ্ড সীমান্তৱৰ্তী হাট’কাজান এলেকাটোত ১৯৬০ চনৰ পূৰ্বৰ পৰাই আদিবাসী সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰি আহিছে যদিও বৰ্তমানলৈকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে উক্ত লোকসকলক তেওঁলোকে বসবাস কৰা মাটিৰ পট্টা প্ৰদান কৰা নাই বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে। উক্ত অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়া বাবু ৰংফাৰ নামৰ লোকজনৰ নেতৃত্বত অচিনাকি লোকে ভূমি বেদখল কৰাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এলেকাটোত এক সংঘাতজনক পৰিবেশৰ সূচনা হোৱাৰো অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাই। যদিহে মাটিৰ পট্টাৰ প্ৰসংগক কেন্দ্ৰ কৰি কোনো সংঘৰ্ষৰ সৃষ্টি হ’লে তাৰ বাবে মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে জগৰীয়া হ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মাটি পট্টাৰ নামত বৃহৎ লুণ্ঠন চলাই অহাৰ অভিযোগো উত্থাপন কৰিছে প্ৰকিবাদকাৰীসকলে।

আনহাতে হাট’কাজান অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত গ্ৰামোন্নয়ণ বিভাগে অঞ্চলটোত কোনো উন্নয়নমূলক আঁচনি ৰূপায়ন নকৰাৰ প্ৰতিবাদত সংগঠন দুটাৰ নেতৃত্বই বিভাগীয় কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনক তীব্ৰ সমালোচনা কৰি চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি আদিবাসী খ্ৰীষ্টান সংখ্যালঘূ এলেকাৰ ভূমি সংৰক্ষণ, গ্ৰামোন্নয়ন আৰু বিত্তীয় নিৰাপত্তাৰ ব্যৱস্থাৰ দাবীত বোকাজান মহকুমাধিপতিলৈ এখনি স্মাৰকপত্ৰও প্ৰদান কৰে। উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে হাট’কাজানবাসীক মাটিৰ পট্টা প্ৰদান নকৰিলে বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে সংগঠন দুটাৰ নেতৃত্বই।