অসমত উন্নত হৈছে ক’ভিড পৰিস্থিতি পূজা সুকলমে পাৰ হ’লে সংক্রমণ আৰু কমিব

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ যোৱা এসপ্তাহত ৰাজ্যৰ ক’ৰোনাজনিত পৰিস্থিতি যথেষ্ট উন্নত হৈছে৷ –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত পূর্বতে প্রতিদিনে গড়ে ৩৫ হাজাৰ লোক ক’ৰোনাত আক্রান্ত হৈছিল৷ যোৱা এসপ্তাহে সেই সংখ্যা ২৯ হাজাৰলৈ হ্রাস পাইছে৷ তদুপৰি অসমত ক’ৰোনা আক্রান্তৰ হাৰ ৮–৯ শতাংশৰ বিপৰীতে যোৱা এসপ্তাহত সেই হাৰ ৩–৪ শতাংশৰ মাজত আছে৷

পূজাৰ সময়ত যদি নতুনকৈ সংক্রমণ নহয়, তেতিয়াহ’লে ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণৰ হাৰ আৰু অধিক কমিব বুলি তেওঁ আশা প্রকাশ কৰে৷ অৱশ্যে ইয়াৰ বাবে জনসাধাৰণে সতর্কতা অৱলম্বন কৰি চলিব লাগিব৷

ইপিনে ক’ৰোনাকালত জনসাধাৰণে অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা বৰঙণি অক্ষত অৱস্থাত আছে বুলি প্রকাশ কৰি মন্ত্রী ড০ শর্মাই কয় যে ক’ৰোনাকালত জনসাধাৰণে অসম আৰোগ্য নিধিলৈ ১১৭ কোটি টকা বৰঙণি আগবঢ়ায়৷ সেই ধন বেংকত জমা হৈ থকাৰ ফলত সুদৰ বাবদ সংগৃহীত ধনৰ পৰিমাণ বৃদ্ধিহে হৈছে৷ স্বাস্থ্য বিভাগে সেই ধন ক’ৰোনাৰ ভেকচিন ক্রয়ৰ সময়তহে ব্যৱহাৰ কৰিব৷

অসম আৰোগ্য নিধিৰ পৰা জটিল ৰোগত আক্রান্ত ১৮০গৰাকী হিতাধিকাৰীক যি ধন অনুদান হিচাপে আগবঢ়াইছে, সেয়া সম্পূর্ণৰূপে চৰকাৰৰ পুঁজিৰ পৰাহে আগবঢ়াইছে৷ ক’ৰোনাকালত সংগৃহীত আৰোগ্য নিধিৰ পৰা সেই ধন আগবঢ়োৱা হোৱা নাই৷