নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহাৰ্য্যত আজি কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয় এক অনুদান বিতৰণী অনুষ্ঠান। পৰিষদৰ ২৭নং বকো পৰিষদীয় সমষ্টিৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাৰ তত্ত্বাৱধানত বকোৰ পৰ্য্যটন বিভাগৰ পৰিদৰ্শন বংলাত আয়োজন কৰে অনুদান বিতৰণী সভা। কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আত ধৰে পৰিষদীয় সমষ্টি পৰিচালনা সমিতিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীয়ে। ইফালে প্ৰাপ্ত তথ্য অনুসৰি বকো পৰিষদীয় সমষ্টিৰ ভিন্ন প্ৰান্তৰ মুঠ ৩৫০গৰাকী দুখীয়া মহিলা শিপিনীক সুতা, ১২টাকৈ ৰাজহুৱা অনুষ্ঠানক টিনপাত। পানীৰ সুবিধাৰ বাবে সাতটা অনুষ্ঠানক দমকল, কৃষকৰ বাবে পছাশীটা ষ্প্ৰে মেচিন, ছাৰ্চ লাইট আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰে। অনুদান বিতৰণী সভা উদ্বোধন কৰি সুমিত ৰাভাই কয় যে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ খন ৰাইজৰ বাবে সম উন্নয়ণ আৰু সম বিকাশ মুল লক্ষ্যৰে পৰিচালিত হৈ আহিছে। সম অধিকাৰেৰে ৰাইজৰ সেৱা আগবঢ়ায় আহিছে। আজি অনুদান বিতৰণী সভাত উপস্থিত থাকে অনুসূচীত জাতি উন্নয়ণ বোৰ্ডৰ কামৰূপ জিলাৰ সদস্য কমলেশ্বৰ কৈৱৰ্ত, বকো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়ো, ১০নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ সভাপতি গণেশ ৰাভা, পৰিষদৰ সমষ্টি পৰিচালনা সমিতিৰ বিষয় ববীয়াসকল। এই শান্তিপূৰ্ণ পৰিবেশত হিতাধিকাৰীৰ মাজত অনুদান বিতৰণী অনুষ্ঠান সমাপন হয়।
প্ৰেৰক বিষ্ণু ৰাম দাস