বৰষুণৰ পানীয়ে ছিঙিলে গোৱৰাদল-ৰতনপুৰ সংযোগী গ্ৰাম্য পথ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বিগত কিছুদিন ধৰি নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰাকৈ দি থকা বৰষুণে গাঁওসমূহৰ ৰাইজৰ স্বাভাৱিক জীৱন-ধাৰণ ব্যাহত কৰি তুলিছে৷ দিনে-ৰাতিয়ে নেৰানেপেৰাকৈ আহি থকা দোপালপিটা বৰষুণৰ বাবে গাঁওসমূহৰ খেতিপথাৰ পানীৰে উপচি পৰাৰ লগতে বহু লোকৰ খাল-পুখুৰী আদি বৰষুণৰ পানীয়ে বুৰাই পেলাইছে৷ লগতে গাঁৱৰ পথাৰসমূহো পানীৰ তলত থকাত পোহনীয়া গৰু-ছাগলীবোৰেও সেউজীয়া ঘাঁহ-বন মুখত দিব পৰা নাই৷ আনফালে এই নেৰানেপেৰা বৰষুণৰ ফলত উপচি পৰা পানীৰ তীব্ৰ সোঁতে আজি জিলাখনৰ নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গোৱৰাদলত অৰ্থাৎ ৰতনপুৰ-গোৱৰাদল (গোৱৰাদল নদীপাৰ চুবুৰি) সংযোগী গ্ৰাম্য পথটোৰ এছোৱা চিগি নিয়াত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷ উল্লেখ্য যে উক্ত গ্ৰাম্য পথটো কিছুমাহ পূৰ্বে পূৱ নামবৰভাগ গাঁও পঞ্চায়তৰ ফালৰ পৰা নিৰ্মাণ কৰা হৈছিল৷ গতিকে উক্ত পথটোৰ এছোৱা আজি বৰষুণৰ পানীয়ে চিঙি লৈ যোৱাত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ সৃষ্টি হৈছে৷ আনফালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত এতিয়া ত্ৰস্তমান হৈ পৰিছে ৰাইজ৷

প্ৰেৰক শৈলেন বৰ্মন

Featured