চিৰাঙৰ শিমলাবাগান গাঁৱত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী শান্তিপুৰৰ শিমলাবাগান গাঁৱত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে। দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ৰাজহুৱা ঘোষণা কৰাৰ পাছতেই ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলটোত কালি নিশাৰ ভাগত প্ৰথমবাৰৰ বাবে স্থানীয় লোকে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰে। পিছত গাঁওবাসীয়ে দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটো ধৰি শান্তিপুৰস্থিত বন বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ হাতত গতাই দিয়ে।

প্ৰেৰক বিপুল কুমাৰ দাস

Featured