ৰাইজে আমাক ভোট দিবঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আজি বহু প্ৰত্যাশিত তিৱা পৰিষদীয় নিৰ্বাচন। ৪খন জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত বহু লোক ভোটদান সাব্যস্ত কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে।

আনহাতে গহপুৰত ৰিপুণ বৰাৰ এক ব্যতিক্ৰমী ৰূপ। চাহবাগিচাৰ লাইনৰ মাজত মাদল বজাই নৃত্য কৰাৰ লগতে তিৱা নিৰ্বাচনক লৈ তেওঁ কয় যে আমি আশাবাদী, ৰাইজে আমাক ভোট দিব। যোৱাবাৰ নিৰ্বাচনত আমি ১৫খন আসন পাইছিলো। এইবাৰো আমাৰ ফলাফল ভাল হ’ব। ৰাইজৰ পৰা আমি ভাল আশা কৰিছো।