নগৰবেৰাৰ ৰংগেশ্বৰীত নিশাৰ আন্ধাৰত ৰাজপথ মেৰামতি ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই : নগৰবেৰাৰ ৰঙ্গেশ্বৰীত হাতে হাতে কোৰ লৈ নিশাৰ ভাগত ৰাজপথত ওলাই আহিল ৰাইজ। সমূহীয়া শ্ৰমদানেৰে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ।দীৰ্ঘদিনৰে পৰা ৰঙ্গেশ্বৰী গাঁৱৰ সদাব্যস্ত পথছোৱা জৰাজীৰ্ণ হৈ পৰাত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিছে ৰাইজে। সাধাৰণ এজাক বৰষুণতে পথছোৱা হৈ পৰে বোকাৰে পৰিপূৰ্ণ। যান-বাহন কৰা দুৰৰে কথা খোজকাঢ়িও যাব নোৱাৰে পথচাৰীয়ে। সংশ্লিষ্ট বিভাগ আৰু চৰকাৰী পক্ষক কৈ কৈ ভাগৰি পৰিছে ৰাইজ। স্থানীয় বিধায়িকা নন্দিতা দাসেও সুদীৰ্ঘ আঠ বছৰে পথছোৱা পকীকৰণৰ বাবে একোৱেই নকৰিলে। সেয়ে প্ৰায়ে গাঁৱৰ ৰাইজে নিশা সমূহীয়া শ্ৰমদানৰে মেৰামতি কৰিলে পথছোৱা। কালি নিশাৰ ভাগত স্থানীয় ই-ৰিক্সা চালক আৰু ৰাইজে হাতে-হাতে কোৰ, পাচি লৈ ওলাই আহিল ৰাজপথত আৰু এপৰ নিশালৈ শ্ৰমদানেৰে মেৰামতি কৰে বিধ্বস্ত পথছোৱা। শীঘ্ৰে পথছোৱা পকীকৰণৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু ই ৰিক্সাচালকসকলে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured