সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনৰ কৰ্ণধাৰ সমিতিৰ বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক ২০২৪ বাৰপূজীয়া অধিবেশনৰ আদৰণী সমিতিৰ কৰ্ণধাৰ সমিতিৰ এখন বৈঠক আজি বাৰপূজীয়া শাখা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদেশ্যে ব্যাখ্যা কৰে আদৰণী সমিতিৰ প্ৰধান সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই। মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া উপস্থিত থকা সভা খনত আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক ২০২৪ বাৰপূজীয়া অধিবেশন স্থলীৰ নামকৰণ সন্দৰ্ভত আলোচনা কৰি বুৰঞ্জী খ্যাত তিৱাসকলৰ টোপাকুছি, খৰা, খাইগড়, বাৰপূজীয়া মিকিৰ গাঁও ৰজ্যৰ সোঁৱৰণত “পাঁচো ৰজাৰ সমন্বয় ক্ষেত্ৰ” বুলি সিদ্ধান্ত গ্ৰহণ কৰে। লগতে অধিবেশনখনিৰ লগত সংগতি ৰাখি প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থখনিৰ নাম “বাৰপূজীয়া” নামকৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে অধিবেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত জাগৰণৰ প্ৰচেষ্টাৰে এটি শীৰ্ষগীত প্ৰস্তুত কৰিবলৈ সাংস্কৃতিক উপসমিতিৰ সভাপতি বিমল ডেকাৰ নেতৃত্বত এটি দল গঠন কৰি দিয়ে কৰ্ণধাৰ সমিতিৰ বৈঠকে।

প্ৰেৰক মানস নাথ

Featured