চৰম দুৰৱস্থাত খোৱাপাৰা প্ৰাক্তন চাহ জনজাতি প্ৰাথমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ ৰহা সমষ্টিৰ আমচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩নং ৱাৰ্ডত খোৱাপৰা নামেৰে  চাহ জনজাতিপ্ৰধান এখন গাঁও আছে। চাহ জনজাতিৰ লোকসকলক শৈক্ষিক দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে গাঁওখনৰ লোকসকলে ১৯৯০ চনতেই এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল।

তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰে আৰম্ভ কৰা খোৱাপাৰা প্ৰাক্তন চাহ জনজাতি প্ৰাথমিক বিদ্যালয় প্রথমতে ৰাইজৰ পূর্ণ সহযোগিতাত ঠিকেই চলি আছিল যদিও ত্রিশ বছৰ কাল অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়খন প্রাদেশিকীকৰণ নকৰাৰ বাবে গাঁওখনৰ ৰাইজ তথা শিক্ষক-শিক্ষয়িত্ৰীসকল হতাশাগ্রস্ত হৈ পৰা বুলি জানিব পৰা গৈছে।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কমি গৈ মাত্ৰ ৪৪ গৰাকীহে আছেগৈ। ৰাইজে স্থাপন কৰা বিদ্যালয়খনৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰিছে। চাহ জনজাতি লোকসকলৰ শৈক্ষিক উন্নয়নৰ প্রতি লক্ষ্য কৰি এই বিদ্যালয়খন অতি সোনকালে প্রাদেশিকীকৰণ হোৱাটো আমচৈ অঞ্চলৰ ৰাইজে বিচাৰিছে।